নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমত প্রতাৰণা কৰাৰ বাবেই নন্দিতাক আক্রমণ ৰিণ্টুৰ; এমাহ পূর্বে উপহাৰ দিছিল দামী ম’বাইল ফোন

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়া, তেওঁৰ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃ দেৱ দত্তক ধেমাজি চহৰৰ মাজমজিয়াত চলোৱা প্রাণনাশী আক্রমণৰ ঘটনাত ৰাজ্যজুৰি প্রতিক্রিয়া অব্যাহত আছে৷

মৰিধল মহাবিদ্যালয়ৰ লাইব্রেৰী বীয়েৰাৰ ৰিণ্টু শর্মাৰ উপর্যুপৰি দাৰ ঘাপত গুৰুতৰভাৱে আহত ঢকুৱাখনা কাঠৰবাৰী গাঁৱৰ নবীন শইকীয়াৰ কন্যা তথা মৰিধল মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্রী নন্দিতাই অতি সংকটজনক অৱস্থাত বিগত চাৰি দিন ধৰি মৃত্যুৰে যুঁজ কৰি আছে ডিব্রুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত৷

প্রেমজনিত কাৰণতে আক্রমণৰ সন্দেহ প্রকাশ কৰা হৈছে৷ প্রেমত প্রতাৰিত হৈ ৰিণ্টু শর্মাই ধেমাজিৰ ৰাজপথ ৰক্তাক্ত কৰা এনে শিহৰণকাৰী কাণ্ড সংঘটিত কৰা বুলি সর্বত্র চর্চা লাভ কৰিছে৷ বিশেষ সূত্রে লাভ কৰা খবৰ অনুসৰি, নন্দিতা শইকীয়াৰ লগত দীর্ঘদিনৰে পৰা প্রেমৰ সম্পর্ক আছিল ৰিণ্টুৰ৷

দুয়োৰে মাজত গঢ়ি উঠা প্রেমৰ মধুৰ সম্পর্কৰ বাবেই ঢ়কুৱাখনাৰ কাঠৰবাৰীস্থিত নন্দিতাৰ ঘৰলৈকো সঘন অহা–যোৱা কৰিছিল আক্রমণকাৰী ৰিণ্টু শর্মাই৷ প্রায় এমাহ পূর্বে ৰিণ্টু শর্মাই প্রেমিকা নন্দিতাক প্রেমৰ চিন হিচাপে উপহাৰ দিছিল এটা দামী ম’বাইল ফোনো৷

আনকি দুই প্রেমিক–প্রেমিকাই অন্তৰংগ মুহূর্ততৰ ফটোও সঘনে নিজৰ হোৱাটছএপৰ ষ্টেটাছত শ্বেয়াৰ কৰাৰ কথাও দুয়োৰে ঘনিষ্ঠ বন্ধু মহল–শুভাকাংক্ষীসক্ দৃষ্টিগোচৰ হৈছিল৷ কিন্তু হঠাৎ কি হ’ল দুই প্রেমিক–প্রেমিকাৰ? কিয় নিজ প্রেমিকাৰ ওপৰত ৰিণ্টু শর্মাই প্রাণনাশী আক্রমণৰ চূড়ান্ত পথ ল’লে, সেয়া হৈ পৰিছে ৰহস্যৰ বিষয়৷

You might also like