নাৰায়ণপুৰত লকডাউনত কুটীৰ শিল্পৰ সামগ্রী নির্মাণত ব্যস্ত সোণটি শর্মা
নিয়মীয়া বাৰ্তা, ৩ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি চলি আছে লকডাউন৷ এই লকডাউনৰ সময়ছোৱাত বিভিন্ন সৃষ্টিৰাজিৰ মাজেৰে সময় অতিবাহিত কৰিছে সোণটি শর্মা নামৰ ব্যক্তিগৰাকীয়ে৷
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ যমুনাখাত গাঁৱৰ বাসিন্দা ষাঠিৰোর্ধ্ব এই ব্যক্তিগৰাকীয়ে দেশজুৰি চলি থকা লকডাউনৰ সময়ছোৱাত ঘৰতে থাকি সাজি উলিয়াইছে পাচি, খৰাহি, কুলা, চালনী, ডলা, বাঢ়নি, বিচনীকে ধৰি বিধে বিধে বাঁহ–বেতৰ সামগ্রী৷ সোণটি শর্মাই নিখুঁতভাৱে তৈয়াৰ কৰা বাঁহ–বেতৰ সামগ্রীসমূহ এতিয়া সকলোৰে বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ চকুত লগা সামগ্রীসমূহ উপযুক্ত দামত নিজ গৃহৰ পৰাই ক্রয় কৰিছে স্থানীয় লোকে৷
যি সময়ত একাংশ লোকে লকডাউন অমান্য কৰি দিহিঙে–দিপাঙে ঘূৰি ফুৰিছে, ঠিক সেই সময়তে ঘৰতে আবদ্ধ থাকি এনেদৰে বাঁহ–বেতৰ শিল্পটোক জীয়াই ৰখাৰ লগতে দুটকা উপার্জন কৰিবলৈও সক্ষম হৈছে এই লোকজন৷ বৈদিক পৰম্পৰাত বিশ্বাসী লোকজনে দীর্ঘদিন ধৰি পুৰোহিতৰ কাম–কাজো কৰি আহিছে৷ নিশ্চিতভাৱে সোণটি শর্মা নামৰ লোকজন এতিয়া সকলোৰে বাবে আদর্শ হৈ পৰিছে৷