নাৰায়ণপুৰৰ অনুষ্ঠিত ৪ৰ্থ আন্তঃক্লাৱ এথলেটিকছ প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক অৰ্জন কৰি ৰাজ্যিক পৰ্য্যায়ত নিৰ্বাচিত
নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মেৰমুখত অনুষ্ঠিত ৪ৰ্থ আন্তঃক্লাৱ এথলেটিকছ চেম্পিয়নশ্বিপত দৌৰত দুটাকৈ সোণৰ পদক অৰ্জন কৰি ৰাজ্যিক পৰ্য্যায়ৰ খৈলুৱৈ হিচাপে নিৰ্বাচিত হৈছে দীৰ্ঘা মাজ গাঁওৰ প্ৰতিভাৱান যুৱ খৈলুৱৈ মোহন ছেত্ৰী। নাৰায়ণপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত তথা সংযুক্ত ক্ৰীড়া সংস্থা আৰু মেৰমুখ চানৰাইজ ক্লাৱৰ সহযোগত যোৱা ১৩ আৰু ১৪ নৱেম্বৰত মেৰমুখৰ সংযুক্ত ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এথলেটিকছ চেম্পিয়নশ্বিপত দুশ মিটাৰ আৰু চাৰিশ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি ৰাজ্যিক পৰ্য্যায়ৰ খৈলুৱৈ হিচাপে নিৰ্বাচিত হয় দীৰ্ঘা মাজ গাঁওৰ যুৱ খৈলুৱৈ গৰাকী ।লখিমপুৰ ক্ৰীড়া সন্থাৰ হৈ আন্তঃক্লাৱ এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি দুটাকৈ সোণৰ পদক অৰ্জন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিয়া এই প্ৰতিভাৱান যুৱ খৈলুৱৈ গৰাকীয়ে ইয়াৰ পূৰ্বেই দৌৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
লখিমপুৰ জিলাৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা অসম ৰাজ্যিক এথলেটিকছ সন্থাৰ সম্পাদক আলোক গগৈৰ তত্বাৱধানত এইগৰাকী দৌৰবিদে ২০১৯ অনুষ্ঠিত ৰাজ্যিক ক্ৰীড়া সন্থাৰ এথলেটিকছ প্ৰতিযোগিতাত দুশ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈ ২০২০ বৰ্ষৰ ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত ৩১ ত্বম ইষ্ট জ’ন এথলেটিকছ প্ৰতিযোগিতাত চাৰি শ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। এই একে বৰ্ষতে ৰাজ্যিক এথলেটিকছ সন্থাই গুৱাহাটীত আয়োজন কৰা ৰাজ্যিক এথলেটিকছ প্ৰতিযোগিতাত দুশ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰে।
তেনেদৰে আন কেইবাটাও খিতাপ অৰ্জন কৰি নিজৰ প্ৰতিভাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হোৱা এই প্ৰতিভাৱান খেলুৱৈ গৰাকী কিন্তু অতি দৰিদ্ৰ পৰিয়ালৰ। প্ৰায় ১১ বছৰ পূৰ্বে নিজ পিতৃ দীঘ বাহাদুৰ ছেত্ৰীক হেৰুৱাই মাতৃ লীলা ছেত্ৰীৰ সৈতে কোনোমতে জীৱন নিৰ্বাহ কৰি অধ্যয়নৰ লগতে অতি কষ্টৰে খেলৰ অনুশীলন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা এই যুৱ খৈলুৱৈ গৰাকী এদিন ভাৰত তথা অসমৰ হৈ অলিম্পিকত ভাগ ল বলৈ আশাবাদী। যদিও নিজৰ আৰ্থিক দুৰৱস্থাৰ বাবে মাজে সময়ে বিভিন্ন প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ ব লগাত যুৱ খৈলুৱৈ মোহন ছেত্ৰী সম্প্ৰতি কিছু নিৰাশাত ভোগা পৰিলক্ষিত হৈছে। যদিও এই ক্ষেত্ৰত চৰকাৰ বা অন্যান্য ক্ৰীড়া সংগঠন সমূহে প্ৰতিভাৱান যুৱ খৈলুৱৈ গৰাকীক সহায়ৰ হাত আগবঢ়াই, তেনেহলে নিশ্চিতকৈ এই দৌৰবিদ জনে নিজৰ প্ৰতিভাৰে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই সক্ষম হব আশাবাদী গাঁওবাসীৰ লগতে সমগ্ৰ বগীনদীবাসী।