নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পৰিস্থিতিৰ ফলত শিক্ষাৰ্থীসকল সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে

নাৰায়ণপুৰ সম্প্ৰসাৰণ-১ মণ্ডলত অনলাইন সজাগতা সভা

নিয়মীয়া বাৰ্তা ৩১ মেঃ ক’ভিড-১৯ অতিমাৰীৰ দ্বিতীয় জোৱাৰৰ প্ৰভাৱত সমগ্ৰ ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷ চলিত বৰ্ষত পোন প্ৰথমবাৰৰ বাবে এপ্ৰিল মাহৰপৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ নীতি প্ৰৱৰ্তন হোৱাত কেৱল এটা মাহৰ পাঠদানৰ পাছতে মে’ মাহৰপৰা বিদ্যালয়সমূহ বন্ধ হৈ পৰিছিল ৷ সম্প্ৰতি ৰাজ্য চৰকাৰৰ শিক্ষা বিভগে প্ৰেৰণ কৰা নিৰ্দেশনাৰ আধাৰত শিক্ষাগুৰুসকলে বিভিন্ন মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ সৈতে সম্পৰ্ক ৰাখিবলৈ প্ৰচেষ্টা চলাইছে যদিও আশা কৰা ধৰণেৰে সফল হ’ব পৰা নাই ৷

তাৰ সমান্তৰালভাৱে শিক্ষানুষ্ঠানসমূহৰ অন্যান্য যাৱতীয় কাম-কাজসমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ সেই উপলক্ষে যোৱা ২৯ মে’ত সমগ্ৰ শিক্ষাৰ লখিমপুৰ জিলা মিছন কাৰ্যালয়ৰ সমাজ জড়িতকৰণ গোটৰ জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়া, লখিমপুৰৰ আজাদস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ প্ৰবক্তা ইন্দ্ৰজিৎ গাম আৰু নাৰায়ণপুৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসৰ উপস্থিতিত নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত নাৰায়ণপুৰ সম্প্ৰসাৰণ-১ মণ্ডল সমল কেন্দ্ৰত সমন্বয়ক তিলক কুমাৰ মহন্তৰ উদ্যোগত মণ্ডল পৰ্যায়ৰ এখনি সজাগতামূলক সভা অনলাইন মাধ্যমৰ ‘গুগুল মীটৰ জৰিয়তে সম্পন্ন হৈ যায় ৷

মণ্ডলৰ অন্তৰ্গত ৫ খন নিম্ন প্ৰাথমিক, ২ খন মধ্য ইংৰাজী, ২ খন মজলীয়া আৰু ২ খন উচ্চ মাধ্যমিক সহ মুঠ ১১ খন বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্য-সচিবসকলৰ লগতে নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লাৱণ্য ভূঞা, দুজনকৈ ৱাৰ্ড সদস্য ক্ৰমে নিৰ্মল শইকীয়া আৰু প্ৰদীপ নেওগ আৰু চৰাইদলনি ৰাজহ গাঁৱৰ গাঁওবুঢ়া বিপুল হাজৰিকাকে ধৰি ২৯ গৰকী ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাখনিৰ আঁত ধৰে সমন্বয়ক তিলক কুমাৰ মহন্তই৷ লখিমপুৰ ডায়েটৰ
প্ৰতিনিধি ইন্দ্ৰজিৎ গামে সভাৰ প্ৰাৰম্ভণিতে যোগাযোগ মাধ্যমৰ দ্ৰুত পৰিৱৰ্তনৰ বিভিন্ন প্ৰসংগৰে সকলোকে আদৰণি আৰু কৃতজ্ঞতা জ্ঞাপনেৰে মত প্ৰকাশ কৰে যে বিদ্যালয় পৰিচালনা সমিতিসমূহ হৈছে বিদ্যালয়খনৰ শিপা ৷ ইয়াক সাৰ-পানী যোগাই সুস্থ-সবল কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য৷ সেইদৰে গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল হৈছে বিদ্যালয়সমূহৰ উন্নয়নৰ চালিকা শক্তি ৷ বৰ্তমান সময়ত গ্ৰামাঞ্চলত গাঁও পঞ্চায়তৰ দ্বাৰাহে শিক্ষানুষ্ঠানসমূহৰ উন্নয়ন সম্ভৱ হৈ উঠিব ৷ সেয়ে সকলোকে গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰি প্ৰয়োজনীয় অভাৱ-অসুবিধাসমূহ দূৰ কৰিবলৈ আহ্বান জনায় ৷

সেইদৰে পঞ্চায়ত প্ৰতিনিধিসকলকো নিজ এলেকাৰ শিক্ষানুষ্ঠানসমূহৰ সকলো ধৰণৰ উন্নয়নৰ অংশীদাৰ হ’বলৈ বিনয়সূচক আহ্বান জনায় ৷ ইয়াৰ পাছতে জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়াই ক’ভিড-১৯ সৃষ্ট ভয়াৱহ পৰিৱেশৰ মাজতে এনেদৰে অনলাইনযোগে মণ্ডল পৰ্যায়ত বিদ্যালয়সমূহৰ মূল অভিভাৱক স্বৰূপ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্য-সচিবৰ উপৰি নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী, ৱাৰ্ড সদস্য তথা গাঁওবুঢ়াকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ লগত সংযোগ স্থাপন কৰি মত-বিনিময়ৰ সুবিধা প্ৰদানৰ বাবে সমন্বয়ক তিলক কুমাৰ মহন্তৰ শলাগ লয় ৷ ভাষণ প্ৰসংগত তেখেতে সম্প্ৰতি এনে সংকটময় কালত বিদ্যালয় পৰিচালনা সমিতিসমূহে অধিক সচেতনতাৰে প্ৰধানতঃ শিশুসকলক বাচি থকাৰ নীতি-নিৰ্দেশনাবোৰ প্ৰচাৰ কৰিবলৈ আহ্বান জনায় ৷

তদুপৰি তেখেতে বিদ্যালয়সমূহৰ একাউণ্টত জমা হৈ থকা বিভিন্ন শিতানৰ অনুদানৰ সদ্ব্যৱহাৰ, বিদ্যালয়ৰ সুৰক্ষা কাৰ্যক্ৰমৰ সফল ৰূপায়ণ আৰু পৰিকল্পনা প্ৰস্তুত, স্বচ্ছতা-দুৰ্যোগ ব্যৱস্থাপনা-ক’ভিডৰ সচেতনতা আদিৰ আলোকপাত হোৱাকৈ বিদ্যালয়ৰ বেৰত অংকণ কৰিবলগীয়া ছবিৰ বাবে প্ৰদান কৰা অনুদানৰ সদ্ব্যৱহাৰ, খেলা-ধূলা সামগ্ৰী ক্ৰয়ৰ অনুদানৰ সদ্ব্যৱহাৰ, বিদ্যালয়ৰ পৰিকল্পনা প্ৰস্তুতকৰণ, আন্তঃগাঁথনিৰ অনুদানৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত প্ৰস্তাৱ গ্ৰহণ আৰু অনুমোদন, সামাজিক হিচাপ পৰীক্ষণৰ সফল কাৰ্য ৰূপায়ণ, সমাজৰ সমূহীয়া উৎসৱ পালন আদিৰ বিষয়ে মুকলি আলোচনা আগবঢ়ায় ৷

ইয়াৰ পাছত নাৰায়ণপুৰ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰিপ্ৰসাদ দাসে অংশগ্ৰহণকাৰী সকলোকে নিজে বাচি থাকি আনকো বাচি থকাৰ ব্যৱস্থা প্ৰদানত অৰিহণা যোগাবলৈ আহ্বান জনায় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত নিজ নিজ চুবুৰিত ক’ভিড প্ৰট’কল মানি খা-খবৰ ৰখাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰো শৈক্ষিক কাৰ্যাৱলীৰ তদাৰক কৰিবলৈ আহ্বান জনায় ৷ সেইদৰে তেখেতে বিদ্যালয়ৰ প্ৰধানসকলক সকলো অনুদানৰ সদ্ব্যৱহাৰৰ সমান্তৰালভাৱে DigiLEP গ্ৰুপত প্ৰতিগৰাকী শিক্ষাগুৰুৰ পাঠদান নিশ্চিতকৰণ, নিয়মীয়াকৈ Teachers Diary লিখন, Google formত দৈনিক তথ্য প্ৰেৰণ আদিৰ তদাৰক কৰিবলৈ আহ্বান জনায় ৷

সভাত উপস্থিত নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যদ্বয় ক্ৰমে নিৰ্মল শইকীয়া আৰু প্ৰদীপ নেওগে বিগত সময়ত পঞ্চায়তৰ তৰফৰপৰা বিদ্যালয়সমূহলৈ আগবঢ়োৱা বিভিন্ন অনুদান আৰু কামৰ খতিয়ান দাঙি ধৰে আৰু সমন্বয়ক তিলক কুমাৰ মহন্তৰ শলাগ লয় ৷ সভাত দুলীয়াপথাৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ ফুকনে সামাজিক হিচাপ পৰীক্ষণ কাৰ্যক্ৰম বিদ্যালয়খনৰ দাপোণ স্বৰূপ বুলি উল্লেখ কৰাৰ লগতে যোৱা দুটা বছৰত কাৰ্য ৰূপায়ণ হোৱা সমাজৰ সমূহীয়া উৎসৱ উদযাপনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে বুলি মত প্ৰকাশ কৰাৰ লগতে বিদ্যালয়খনৰ পুৰণা গৃহৰ মেৰামতিৰ বাবে পঞ্চায়তৰ প্ৰতিনিধিসকলৰ দৃষ্টিগোচৰ কৰে ৷

সভাত নিজ বক্তব্য প্ৰদান কৰি কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱকান্ত বৰুৱা আৰু চন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্তি বৰাই এনে ধৰণেৰে অগতানুগতিক মাধ্যমেৰে অনুষ্ঠিত কৰা সভাৰ কাৰ্য-ব্যৱস্থাৰ শলাগ লয় আৰু যথেষ্ট উপকৃত হোৱা বুলি জনায় ৷ সভাৰ অন্তত সমন্বয়ক তিলক কুমাৰ মহন্তই বিদ্যালয় পৰিচালনা সমিতি আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলক আন্তৰিকতা পূৰ্ণ মনোভাৱেৰে নাৰায়ণপুৰ সম্প্ৰসাৰণ-১ মণ্ডলৰ শৈক্ষিক দিশৰ উন্নয়ন সাধন কৰিবলৈ আহ্বান জনায় ৷

You might also like