নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যতিক্রমী কার্যসূচীৰে আৰম্ভ নাৰেংগী ব’হাগী উৎসৱ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মে’ : বৰগীত পৰিৱেশনেৰে দুদিনীয়া কাৰ্যসূচীৰে নাৰেংগীত বহাগী উৎসৱ আৰম্ভ হৈছে। কণ্ট্ৰ’লাৰ অৱ ডিফেঞ্চ একাউণ্টছ (চিডিএ) গুৱাহাটী আৰু সীমান্ত পথৰ উদ্যোগত দুদিনীয়া কার্যসূচীৰে নাৰেংগীত কালিৰে পৰা আৰম্ভ হৈছে ব’হাগী উৎসৱ৷ নাৰেংগীৰ চিডিএ গুৱাহাটীৰ প্রেক্ষাগৃহত অনুষ্ঠিত ব’হাগী উৎসৱ উদ্বোধন কৰে চিডিএ গুৱাহাটী আৰু চিডিএৰ সীমান্ত পথ বিভাগৰ নিয়ন্ত্রক অম্বৰীশ বর্মনে৷ সন্ধিয়া বিহু নৃত্যকে ধৰি থলুৱা গীত-মাতেৰে ব’হাগী উৎসৱ মুখৰ হৈ উঠে৷ ব’হাগী উৎসৱত বৰগীত পৰিৱেশন কৰে কটন বিশ্ববিদ্যালয়ৰ চাইকোলজী বিভাগৰ সহযোগী অধ্যাপক ড০ ডিম্পী মহন্তই৷ তেওঁৰ গীতত প্রসন্ন বৰুৱাই বাঁহী, গৌৰাংগ বৰদলৈয়ে খোল আৰু নন্দিনী কাশ্যপে তালবাদন কৰে৷ নন্দিনী আৰু গৌৰাংগ দুয়োজনেই কটন বিশ্ববিদ্যালয়ৰ শিক্ষার্থী৷

You might also like