নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ- পূৱ কয়লা ক্ষেত্ৰৰ ভৱিষ্যৎ সন্দৰ্ভত ‘নেচনেল ৱেবিনাৰ’ৰ আয়োজন

নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ উত্তৰ-পূৱ কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ বহনশীল পৰিৱেশ আৰু আধুনিক ঔদ্যোগিক স্বৰূপৰ সম্ভাৱনীয়তাৰ ওপৰত ‘নেচনেল ৱেবিনাৰ’ নামৰ এক অনলাইন আলোচনাৰ আয়োজন কৰিছে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সমাজ শাস্ত্ৰ বিভাগে। এই আলোচনাৰ মাধ্যমেৰে প্ৰায় ডেৰ শতিকা পুৰণি উদ্যোগটোক বৈজ্ঞানিক পদ্ধতিৰ সহায়ত জৈৱ- বৈচিত্ৰ্যৰ সতে আপোচ নকৰাকৈ উৎপাদনক্ষম কৰাৰ সম্ভাৱনীয়তাসমূহ বিশ্লেষণৰ প্ৰয়াস কৰা হ’ব বুলি জনাইছে আয়োজক মণ্ডলীৰ হৈ সমন্বয়ক ডঃ অমৰজিৎ শইকীয়াই।সমল ব্যক্তি হিচাপে ৰাজহুৱা উদ্যোগটোৰ বৰ্তমানৰ বিষয়া- কৰ্মচাৰীৰ পৰিৱৰ্তে উদ্যোগটোৰ পৰা অৱসৰ গ্ৰহণ কৰা মুখ্য মহাপ্ৰবন্ধক, মহাপ্ৰবন্ধক আৰু মুখ্য খনি অভিযন্তা সকলৰ পৰামৰ্শ আৰু অভিজ্ঞ বিশ্লেষণৰ ভিত্তিত ভৱিষ্যত পৰিকল্পনা প্ৰস্তুত কৰি অসম চৰকাৰৰ যোগেদি কেন্দ্ৰীয় চৰকাৰক উদ্যোগটো পুনৰউজ্জীৱিত কৰিবলৈ ৰাজহুৱা আহ্বান জনাব পৰা হ’ব বুলি বিশ্বাস কৰে আয়োজকসকলে। অংশ গ্ৰহণ কৰিব লগা বিশেষজ্ঞ ব্যক্তিসকলৰ তালিকাত আছে অৱসৰপ্ৰাপ্ত মুখ্য মহাপ্ৰৱন্ধক অনিল কুমাৰ বৰা(উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা), অৱসৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক ডঃ ৰঞ্জিৎ দত্ত (পূৰ্বাঞ্চলীয় কয়লা ক্ষেত্ৰ, আছানছুল), অৱসৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক ৰাজেন কুমাৰ দত্ত (উৰিষ্যা), অৱসৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক অনিল কুমাৰ ভৰালী(কলকতা), অৱসৰপ্ৰাপ্ত মুখ্য খনি অভিযন্তা সৰ্বানন্দ শীল (উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটা) প্ৰভৃতি ব্যক্তি। ইচ্ছুক লোকে ঘৰতে থাকি পঞ্জীয়ন লিংকৰ জৰিয়তে সমল ব্যক্তি সকলৰ সতে বিশ্লেষণৰ অংশীদাৰ হ’ব পাৰিব বুলিও জনাইছে আয়োজক সমিতিয়ে।‘গুগল’ৰ যোগেদি পঞ্জীয়ন কৰা সকলে তেওঁলোকৰ জি-মেইলত অহা ১৬ জুলাই তাৰিখে ‘মিটিং আই ডি’ লাভ কৰিব আৰু ১৭ তাৰিখে ১০ বজাত মিটিং লিংকত ক্লিক কৰি যোগদান কৰিব পাৰিব। হোৱাটছ্- এপ বাৰ্তাৰ জৰিয়তেও মিটিং লিংক যোগান ধৰা হ’ব বুলি জনাইছে সমন্বয়কে। যোগাযোগৰ নম্বৰ- ৯৪৩৫১৩৮৮১৩ আৰু ৮৪৭৩০৮৫২৯৪। প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকেই ই- প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিছে।

You might also like