নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ মহিলা দল বিজয়ী

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ মহিলা ফুটবল দলটো বিজয়ী হৈ অসমৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হৈছে।উত্তৰ প্ৰদেশৰ বাৰাণসীত যোৱা ১১ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ভাৰত চৰকাৰ যুৱ আৰু ক্ৰিয়া মন্ত্ৰনালয়ৰ অধীনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতাৰ খেল খনত ডিব্ৰুগড়ৰ দলটোৱে, বানাৰসীৰ লগত ১-০ গলত বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।দলটোৰ প্ৰশিক্ষক মন্টু সোনোৱাল,মেনেজাৰ লাটু হাজৰিকা আৰু টীম লীডাৰ হেমা ফুকন সোনোৱালৰ নেতৃত্বত যোৱা দলটোৱে পৰৱৰ্তী পৰ্যায়ত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ বাবে দক্ষিণ কোৰিয়াত খেলিবলৈ সুযোগ লাভ কৰে।ডিব্ৰুগড়ৰ এই দলটিক বাৰানসী যোৱাৰ সমগ্ৰ খৰচ টিংখাংৰ বিধায়ক বিমল বড়াই বিশেষভাবে উদ্যোগ গ্ৰহণ কৰিছিল।মন্ত্ৰী বিমল বড়াৰ লগতে দলটোৱে দুলীয়াজান বিধান সভাৰ সমষ্টীৰ বিধায়ক তেৰচ গোৱালাকো অশেষ ধন্যবাদ জ্ঞাপন কৰে।অনাগত দিনত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল খেলিবৰ বাবে অসম দলটিক অসম চৰকাৰে বিশেষভাৱে সহায়-সহযোগিতা আগবঢ়াব বুলি দলটোৱে আশা প্ৰকাশ কৰিছে।দলটোৰ হৈ জ্যোতিমা বৰশইকীযা,হেমা ফুকন সোনোৱাল,ক্ষীৰোপ্ৰভা হাজৰিকা,অনামিকা গগৈ,নিৰু কোছ চুতীয়া,পল্লবী চেতীয়া,উষা দাস,ৰীশাশ্ৰী বড়ো,গীতাঞ্জলি সোনোৱাল, গোলাপী ওৰাং,শিখামণী হাটীমুৰীয়া,মমী গগৈ,নিলম দাস,টিনা গগৈয়ে বিষেশ পাৰদৰ্শিতাৰে খেল প্ৰদৰ্শন কৰে।ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনৰ পৰা ১৭ জনীয়া ফুটবল খেলুৱৈৰ দলটো ৰাওঁনা হৈছিল ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ।ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত জয় আই অসম ধ্বনি দি ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ কোলাত পানী কেচুঁৱা লৈও নিজ ৰাজ্যৰ গৌৰৱ ৰক্ষাৰ বাবে দলটোত দেখা গৈছিল বহু কেইগৰাকী খেলুৱৈ।উল্লেখ্য যে অসমৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ যোৱাৰ সময়ত দলটোক উৎসাহ যোগাবলৈও দেখা নগল চৰকাৰী ভাৱে এগৰাকী ক্ৰীড়াৰ প্ৰতিনিধি বা বিষয়া।স্বাভাৱিকতেই এনে কাৰ্যই দলৰ মনোবল হ্ৰাস কৰিছিল যদিও,ৰাজ্যলৈ পদক আজুৰি গৌৰৱ কৰিয়াবলৈ সক্ষম হয়।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।
You might also like