সোণাৰি চাপৰিত চাৰি কিলোমিটাৰ পথ মটৰচাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলালে নৱ কুমাৰ দলেৰ
নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ আগন্তুক ২০২১ চনৰ প্ৰথম প্ৰৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজতে এমাহৰো কম দিন বাকী থকাৰ সময়তে আজি ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলেই সোণাৰি চাপৰিৰ পৰা কেকুঁৰিলৈ এখন কৰ্মী সভাত অংশ লবলৈ গৈ প্ৰায় চাৰি কিলোমিটাৰ দৈঘৰ পথ অংশ মটৰচাইকেল চলাই অঞ্চলটোত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলে ৷ ভাৰতীয় জনতা পাৰ্টিৰ ঘিলামৰা মণ্ডল অন্তগত কেকুঁৰি পঞ্চায়তৰ উদ্যোগত মধুপুৰ ৰঙ্গমঞ্চত প্ৰমোদ চুতীয়াৰ সভাপতিত্বত অনুস্থিত দলীয় কৰ্মী সভাত অংশ লৈ মন্ত্ৰী গৰাকীয়ে আগোন্তোক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজায় ৷