প্ৰাক্তন এনডিএফবি কেডাৰৰ পুনঃ সংস্থাপনৰ দাবী সভাপতি বি.খাচাৰ সম্পাদক বি.অনফাউৰি ডেকাপামত ধেমাজি জিলা প্ৰাক্তন এনডিএফবি কল্যাণ পৰিষদ গঠন
নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ চিমেন চাপৰিৰ ডেকাপামত প্ৰাক্তন এনডিএফবি কেডাৰৰ উপস্থিতিতএখন গুৰুত্বপূৰ্ণ সভা কালি অনুষ্ঠিত হয়।
ডেকাপাম বালাবাৰী বড়ো এম ই স্কুলত অনুষ্ঠিত সভাৰ সভাপতিত্ত্ব কৰে মহেন বসুমতাৰীয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় আহ্বায়ক ভদ্ৰেশ্বৰ বসুমতাৰীয়ে। গুৰুত্বপূৰ্ণ সভাখনত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰি দীৰ্ঘদিনীয়া বড়ো আন্দোলনত জড়িতপ্ৰাক্তন এনডিএফবি কেডাৰ সকলৰ বাবে শেহতীয়া বড়ো চুক্তিৰ আধাৰত পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। উক্ত সভাতেই ধেমাজি জিলাৰ প্ৰাক্তন এনডিএফবি কেডাৰ সকলক লৈ ধেমাজি জিলা প্ৰাক্তন এনডিএফবি কল্যাণ পৰিষদ নামৰ এটা সামাজিক- অৰ্থনৈতিক সংগঠন গঠন কৰা হয়। তদৰ্থভিত্তিত গঠন কৰা সংগঠনটোৰ সভাপতি হিচাপে কচেন্দ্ৰজিত বসুমতাৰী ওৰফে বি.খাচাৰ,উপ সভাপতিত সুবুত বসুমতাৰী ওৰফে বি.চিবচাং,সাধাৰণ সম্পাদক পদত অৰ্জুন বসুমতাৰী ওৰফে বি.অনফাউৰি, কোষাধ্যক্ষ হিচাপে ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে বি.বিৰদাওক বাচনি কৰা হয়। নৱগঠিত সমিতিখনে আগন্তুক দিনত সমাজত আৰ্থ-সামাজিক উন্নয়নৰ লগতে ঐক্য, শান্তি আৰু প্ৰগতিৰ হকে কাম কৰি যাব বুলি সংগঠনটোৰ দায়িত্বপ্ৰাপ্ত সাধাৰণ সম্পাদক অৰ্জুন বসুমতাৰী ওৰফে বি.অনফাউৰিয়ে মত প্ৰকাশ কৰিছে ।সভাত লগতে পিপ’ল জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰ কেন্দ্ৰীয় সমিতিৰ আহ্বায়ক চক্ৰধৰ নাৰ্জাৰী, ধেমাজি জিলা সমিতিৰ আহ্বায়ক ছবিৰাম বসুমতাৰী উপস্থিত থাকি বড়ো আন্দোলনৰ প্ৰাক্তন কেডাৰৰ সংস্থাপনৰ বিষয়ত গুৰুত্ব আৰোপ কৰি বক্তব্য আগবঢ়ায় ।এনডিএফবিৰ চাৰিওটা গোটৰ প্ৰাক্তন সদস্য সকলে সভাত অংশগ্ৰহণ কৰে।