গোসাঁইগাঁৱত ৰঞ্জন দৈমাৰী গোটৰ সংবাদমেল: বড়ো ৰাইজক ইউ পি পি এল আৰু বিজেপি’ৰ প্ৰাৰ্থীক ভোট প্ৰদানৰ আহ্বান বি অঞ্জালু’ৰ
নিয়মীয়া বাৰ্তা ২৫ অক্টোবৰ: আসন্ন অসম বিধান সভাৰ উপ-নিৰ্বাচনত গোসাঁইগাঁও, তামুলপুৰত আৰু ভৱানীপুৰ বিধান সভা সমষ্টিৰ বিজেপি, ইউ পি পি এল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীক প্ৰাক্তণ এন ডি এফ বি’ৰ ৰঞ্জন দৈমাৰী গোটে সমৰ্থন কৰাৰ কথা আজি এখন সংবাদ মেল সম্বধন কৰি ঘোষণা কৰিছে ৷ আজি গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ শিমুলটাপুত আয়োজিত এক সংবাদমেলত ৰঞ্জন দৈমাৰী গোটৰ সাধাৰণ সম্পাদক ৰবিৰাম বসুমাতাৰী ওৰফে বি অনজালু সহ আন ভালে সংখ্যক নেতা আৰু সদস্যই উপস্থিত থকা সংবাদ মেলত সাধাৰণ সম্পাদক বি অঞ্জালুৱে বিধান সভাৰ উপনিৰ্বাচনত গোসাঁইগাৱঁত আৰু তামুলপুৰত ইউপিপিএলৰ প্ৰাৰ্থী ক্ৰমে জিৰণ বসুমাতাৰী আৰু ম জলেন দৈমাৰীক সমৰ্থন আগবঢ়োৱাৰ ভৱানীপুৰ বিধান সভা সমষ্টিটোত মিত্ৰজোঁট বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰক কোনো পূৰ্বচৰ্ত আৰোপ নকৰাকৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলি ঘোষণা কৰে ৷
সংবাদ মেলত প্ৰাক্তন এন ডি এফ বি’ ৰঞ্জন গোটৰ সাধাৰন সম্পাদক গৰাকীয়ে কয়, প্ৰাক্তন এন ডি এফ বি কেডাৰ সকলৰ পুনৰ সংস্থাপন, বিটিআৰ চুক্তিৰ ৯:২ দফাৰ কাৰ্যকৰী কৰণৰ উপৰি আন আন দফা সমুহৰ সম্পূৰ্ণ ৰূপায়নৰ বাবেই চৰকাৰৰ পক্ষত থাকি, চৰকাৰক সহায় সহযোগ কৰিবলৈ সংগঠনে সিদ্ধান্ত লৈছে৷ ৰঞ্জন দৈমাৰী গোটৰ সিদ্ধান্ত মৰ্মে আগন্তুক উপ নিৰ্বাচনত বিটিআৰৰ দুটা আৰু বিটিআৰৰ বাহিৰৰ এটা সমষ্টিত ইউপিপিএল আৰু বিজেপিয়ে দিয়া প্ৰাৰ্থীক জয়ী কৰাত পূৰ্ন সমৰ্থন আৰু সহযোগিতা আগবঢ়াই সমস্যা সমুহৰ সমাধানৰ আশা প্ৰকাশ কৰিছে ৷
সংবাদ মেলত সাধাৰণ সম্পাদক গৰাকীয়ে আৰু কয়, চৰকাৰে পুনৰ সংস্থাপনৰ বাবে দিয়া এককালীন চাৰি লাখ টকা যি সকলে বিভিন্ন কাৰণত পোৱা নাই তেখেত সকলে নিৰ্বাচনৰ পিছতে যাতে পায় তাৰ বাবে চৰকাৰৰ সৈতে আলোচনাৰ মাজেদি ব্যৱস্থা গ্ৰহন কৰিব৷ আনকি ৰাজ্যত সম্প্ৰতি সৃষ্টি হোৱা ৰাজনৈতিক পৰিস্থিতি আৰু বিভিন্ন সমস্যা উদ্ভৱ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰঞ্জন দৈমাৰীৰ মুক্তিৰ প্ৰক্ৰিয়া যদিও সাময়িকভাবে স্থবিৰ হৈ আছে এইবাৰ উপ নিৰ্বাচনৰ পিছতে ৰঞ্জন দৈমাৰীৰ মুক্তিৰ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে আগবঢ়াই লব বুলিও প্ৰকাশ কৰে৷ সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক গৰাকীয়ে বিটিআৰ এলেকাৰ শান্তি প্ৰতিষ্ঠা, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতি আৰু ৰাইজৰ সৰ্বাংগীন প্ৰগতিৰ বাবে গোসাঁইগাঁৱত ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমাতাৰী, তামুলপুৰত জলেন দৈমাৰীক আৰু ভৱানীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ফণিধৰ তালুকদাৰক ভোট দি জয়যুক্ত কৰিবলৈ বড়ো সকলৰ লগতে সকলো স্তৰৰ ৰাইজলৈ সংগঠণটোৱ আহ্বান জনায়৷