দ্বিতীয় দিনাও সন্ধান নাই বিক্রমজিৎ, ইন্দ্রেশ্বৰ বৰাৰ
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: নিমাতীঘাটত বুধবাৰে বিয়লি সংঘটিত হোৱা ফেৰী দুর্ঘটনাত সন্ধানহীন হৈ থকা দুই যাত্রীৰ উদ্ধাৰ অভিযান বৃহস্পতিবাৰে দ্বিতীয় দিনাও অব্যাহত আছে৷ কিন্তু সন্ধানহীন হৈ থকা যোৰহাটৰ ডাঃ বিক্রমজিৎ বৰুৱা আৰু লখিমপুৰৰ ইন্দ্রেশ্বৰ বৰাক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলে৷
এই অভিযানত যোৰহাট, গোলাঘাট, মাজুলী আৰু বোকাখাতস্থিত এছ ডি আৰ এফৰ ৪১জন জোৱানে ৭খন নাৱেৰে লুইতৰ বুকুত নিখোজ হোৱা দুয়োজন যাত্রীক উদ্ধাৰ কৰিবলৈ অভিযান চলায়৷ তদুপৰি এন ডি আৰ এফৰ ১৬৭জনীয়া দলেও অভিযান চলাইছিল৷ যোৰহাট, শিৱসাগৰ, ধেমাজি, ইটানগৰৰ পৰা অহা এন ডি আৰ এফৰ বৃহৎ দলে ২৪খন নাৱেৰে লুইতৰ বুকুত উদ্ধাৰ অভিযানত নামি পৰে৷
সমগ্র দিনটো যোৰহাটৰ পৰা দেৰগাঁও পর্যন্ত ব্রহ্মপুত্রৰ বুকুত অভিযান চলায়ো যাত্রী দুজনৰ কোনো শুংসূত্র উলিয়াবলৈ সক্ষম নহ’ল৷
ইফালে সেনাবাহিনীৰ ৪১ ছাব এৰিয়াৰ এক বৃহৎ দলে ২০খন নাৱেৰে সন্ধানহীন হৈ থকা দুই ব্যক্তিক উদ্ধাৰ অভিযান চলায় যদিও ব্যর্থ হয়৷ তদুপৰি বায়ুসেনা বিভাগৰ এখন হেলিকপ্টাৰেৰে আকাশমার্গৰ পৰা নিখোজ ব্যক্তি দুজনৰ সন্ধান চলায়ো কোনো সম্ভেদ লাভ কৰিব নোৱাৰিলে৷
বায়ুসেনা বাহিনীৰ দলে দেৰগাঁও পর্যন্ত আকাশমার্গৰ পৰা ব্রহ্মপুত্রৰ বুকুত নিখোজ দুই ব্যক্তিৰ সন্ধান চলায়৷ সন্ধিয়াৰ পূর্বে ব্রহ্মপুত্রৰ কাষৰীয়া মূলাই চাপৰিত এজন ব্যক্তিৰ মৃতদেহ উটি অহা প্রত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে যদিও পৰৱর্তী সময়ত মৃতদেহটোৰ সন্ধান লাভ কৰিব নোৱাৰিলে অভিযানকাৰী দলসমূহে৷ দুর্যোগ প্রশমন বিভাগৰ বিষয়া প্রাণকৃষ্ণ গগৈয়ে জনোৱা মতে কালি সন্ধিয়া হোৱাৰ বাবে অভিযান স্থগিত ৰখা হৈছে আৰু কাইলৈ পুৱা পুনৰ অভিযানত নামিব উদ্ধাৰকাৰী দল৷
উল্লেখ্য যে অভিশপ্ত মা কমলা নামৰ ফেৰীখনত মুঠ ৯০জন যাত্রী আছিল৷ ইয়াৰে ৮৭জনক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে পৰীমিতা দাস নামৰ প্রবক্তাগৰাকীৰ মৃত্যু হৈছে৷ প্রথম অৱস্থাত দুর্ঘটনাগ্রস্ত ফেৰীখনত শতাধিক যাত্রী থকা বুলি সন্দেহ কৰা হৈছিল যদিও ৯০জনহে যাত্রী থকা বুলি প্রশাসনে নিশ্চিত কৰে৷ যি সময়ত ফেৰী দুখনৰ মাজত মুখামুখি সংঘর্ষ হৈছিল, সেই সময়ত বহু যাত্রী ‘টিপকাই’ নামৰ ফেৰীখনলৈ জঁপিয়াই প্রাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল৷ যাৰ ফলত বহু লোকৰ প্রাণৰক্ষা পৰিল৷