ঢকুৱাখনাত নিৰ্বাচনী কৰ্তব্যত গাফিলতি, ১৮ দিনেই উপস্থিত নাই একাংশ কৰ্মচাৰী
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ৰাজ্যৰ প্ৰথম প্ৰৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনত কৰ্তব্য পালনৰ বাবে বিভিন্ন চেলত নিয়োজিত একাংশ কৰ্মচাৰীয়ে নিৰ্বাচনী কামত গাফিলতি কৰি অৱসৰ বিনোদন কৰাত আন একাংশ কৰ্মচাৰীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ইয়াৰ এক ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ৷
জানিব পৰা মতে, অহা ২৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব লগা ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিত নিৰ্বাচনী কাম-কাজ সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে মহকুমা প্ৰশাসনে একাংশ চৰকাৰী, বেচৰকাৰী কৰ্মচাৰীক নিৰ্বাচনী কামত যোৱা ৬ মাৰ্চৰ পৰাই নিয়োজিত কৰে যদিও অধিকাংশ কৰ্মচাৰীয়ে নিৰ্বাচনী কামত গাফিলতি কৰি মঠ-মন্দিৰে ঘূৰি ফুৰাৰো অভিযোগ উঠিছে ৷
ফলত অতি কমসংখ্যক কৰ্মচাৰীয়ে অশেষ শ্ৰম কৰি নিৰ্বাচনী কৰ্তব্য সম্পাদন কৰিব লগা হোৱাত সমস্যাৰ সৃষ্টি হৈছে ৷
এইক্ষেত্ৰত মহকুমা নিৰ্বাচনী বিষয়া আৰু মহকুমা প্ৰশাসনক নিয়োজিত কৰ্মচাৰীসকলৰ নিয়মীয়া উপস্থিতি তদাৰক কৰিবলৈকো দাবী জনাইছে ভুক্তভোগী কৰ্মচাৰীসকলে ৷