নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱ ৰাজনৈতিক পৰিৱেশ আনিব ইউপিপিএল–বিজেপি–জিএচ পিয়ে

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ‘বিগত সোতৰ বছৰ ধৰি বিটিচিত বিপিএফ আৰু হাগ্রামা মহিলাৰীৰ নেতৃত্বত চলা ব্যাপক দুর্নীতি, দাদাগিৰি, অপশাসনৰ পৰা ৰাইজক মুক্ত কৰাৰ বাবে আমি ইউ পি পি এলে জোৰদাৰ সংগ্রামেৰে ৰাইজক প্রতিশ্রুতি দিছিলোঁ৷ আৰু সেই প্রতিশ্রুতি পালনৰ বাবে ইউ পি পি এল দলে বিজেপি, জি এছ পি দলে একগোট হৈ বিটিচিৰ সকলো জনগোষ্ঠীয় ৰাইজক হাগ্রামা মহিলাৰী আৰু বিপিএফৰ অপশাসন, দাদাগিৰি আদিৰ পৰা মুক্ত কৰাৰ বাবেই বিটিচিত প্রমোদ বডোৰ নেতৃত্বত চৰকাৰ গঠন কৰিছে৷ ইউ পি পি এল, বিজেপি, জি এছ পিয়ে সন্মিলিতভাৱে বিটিচিত চৰকাৰ গঠন কৰি এক নতুন ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰাৰ আৰম্ভ কৰিছে৷ তেনেদৰে বিজেপিৰ সৈতে ইউ পি পি এলে অসমৰ ৰাজনীতিত এটা নতুন পৰিৱেশ সৃষ্টি কৰিব৷ অসম আৰু অসমীয়াক আগুৱাই নিব লাগিব আগন্তুক অসমৰ বিধানসভা নির্বাচনতো ইউ পি পি এল দলে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া আটাইবোৰ সমষ্টিতেই ইউ পি পি এলৰ বিজয় নিশ্চিত৷ এইবাৰ অসমৰ চৰকাৰ গঠন কৰাতো ইউ পি পি এল সহযোগী হ’ব৷’ আজি ভৱানীপুৰ সমষ্টিৰ সৰুপেটা মিলন মন্দিৰ প্রাংগণত অনুষ্ঠিত ইউ পি পি এলৰ সভাত ইউ পি পি এলৰ কার্যকৰী সভাপতি ৰণগৌৰা নার্জাৰীয়ে এইদৰে কয়৷ ইউ পি পি এলৰ শালবাৰী জিলা সমিতিৰ সভাপতি যোগেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক বিনোদ মছাহাৰীয়ে আঁত ধৰা সভাত ইউ পি পি এলৰ সাংগঠনিক সম্পাদক ধীৰাজ ডেকাই ভাষণ দিয়াৰ লগতে অতিথিৰূপে উপস্থিত থাকে ইউ পি পি এলৰ কেন্দ্রীয় নেতা–নেত্রী ক্রমে বিউটি বসুমতাৰী, সুৰেশ সৰকাৰ, সৌৰভ কুমাৰ দাস, কিশোৰ লুইটেল, দয়াল শৰণীয়া, কনক চন্দ্র বডো, চিলাৰায় বসুমতাৰী, সত্যজিৎ বডো, ডালিমী খেৰকটাৰী, গোপাল দাস, প্রদীপ সৰকাৰ, প্রাক্তন এম চি এল এ অনিপ বসুমতাৰী, নিখিল বাথৌ মহাসভাৰ উপদেষ্টা ঘনশ্যাম স্বর্গীয়াৰী, জাতীয় শ্বহীদ সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্রীয় সদস্য নৰনাৰায়ণ দাস, প্রণীতা পাঠক, মাহিন্দ্রী কলিতা আদিয়ে৷ সভাত বিটিচিৰ অধ্যক্ষ কাতিৰাম বডোক বিভিন্ন সংগঠনে উষ্ম সম্বর্ধনা জ্ঞাপন কৰে৷ সভাত বশিষ্ঠ চৌধুৰীক সভাপতি, মহিবুল হকক সাধাৰণ সম্পাদক ৰূপে লৈ ৯৫জনীয়াকৈ ইউ পি পি এলৰ ভৱানীপুৰ ব্লক সমিতিখন নতুনকৈ গঠন কৰা হয়৷ ইপিনে, আজি সৰুপেটা হাইস্কুলতো হাইস্কুল কর্তৃপক্ষ আৰু সৰুপেটা মিলন মন্দিৰ কর্তৃপক্ষৰ ফালৰ পৰাও বিটিচিৰ অধ্যক্ষ কাতিৰাম বডোক উষ্ম আদৰণি জনায়৷

You might also like