বস্তাত ভৰাই নৱজাতকক পেলালে জংঘলত
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ উত্তৰ গুৱাহাটীৰ কল্বাৰীত আজি এটা মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হয়৷ দিনৰ প্রায় দুই বজাত উত্তৰ গুৱাহাটী কল্বাৰীৰ বটলিং প্লেণ্টৰ ওচৰৰ জংঘলৰ মাজত এগৰাকী পথচাৰীয়ে নৱজাতকৰ কান্দোন শুনিবলৈ পায়৷ তেওঁ কান্দোন শুনি জংঘলৰ মাজত এটা মুখ বন্ধ বস্তা প্রত্যক্ষ কৰে আৰু বস্তাৰ ভিতৰৰ পৰাই কান্দোনৰ শব্দ শুনি লগে লগে ওচৰ চুবুৰীয়াক খবৰ দিয়ে৷ ওচৰ চুবুৰীয়াৰ সহযোগত বস্তাটো খুলি চাই সকলোৱে প্রত্যক্ষ কৰে বস্তাৰ ভিতৰত এটা পানীৰ কার্টনৰ ভিতৰত এটা কেইঘণ্টামান আগতে জন্ম হোৱা কন্যা শিশু৷ শিশুটি উদ্ধাৰ হোৱাৰ লগে লগে গোটেই অঞ্চলত হুৱা দুৱা লাগে৷
ৰাইজে শিশুটিক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰে, আনকি অঞ্চলটোৰ কেইগৰাকীমান হূদয়ৱান মাতৃয়ে নিজৰ দুগ্ধ পান কৰায়ো শিশুটিক সুস্থ কৰি তোলে৷ পিছত শিশুটিক উত্তৰ গুৱাহাটীৰ আৰক্ষী চকীৰ আৰক্ষীৰ সহায়ত আমিনগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসা প্রদান কৰি থকা হৈছে৷ জানিব পৰা মতে এতিয়া শিশুটি সুস্থ বস্থাত আছে৷ আৰক্ষীয়ে ঘটনাটোৰ এতিয়া তদন্ত কৰি আছে যদিও বাতৰি লিখা পৰলৈ একো শুং সূত্র পোৱা হোৱা নাই৷ কোনোবাই বৈধ মাতৃত্বৰ কলংক ঢ়াক্বিলৈ হয়তো এনেকুৱা মাৱতাক লজ্জানত কৰা ঘটনা কৰ্বি পাৰে বুলি অনুমান কৰা হৈছে৷