নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সভাপতিৰ দায়িত্ব লৈ লুৰিণৰ হুংকাৰ উৎখাত কৰা হ’ব সাম্প্রদায়িক ৰাজনীতিক

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ নৱগঠিত অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব অর্পণ কৰা হৈছে লুৰিণজ্যোতি গগৈক৷ শিৱসাগৰৰ ব’র্ডিং খেলপথাৰত অসম জাতীয় পৰিষদৰ শিৱসাগৰত অনুষ্ঠিত প্রথমখন ৰাজনৈতিক অভিৱর্তনৰ আজি দ্বিতীয় তথা অন্তিম দিনাৰ প্রতিনিধি সভাই দলটোৰ ৰাজনৈতিক প্রস্তাৱ গ্রহণ কৰাৰ লগতে পূর্ণাংগ ৰাজ্যিক সমিতিখন গঠন কৰে৷ বহু আলোচনা আৰু জল্পনা–কল্পনাৰ অন্তত লুৰিণজ্যোতি গগৈক সভাপতি, পবিন্দ্র ডেকাক কার্যকৰী সভাপতি আৰু জগদীশ ভূঞাক সাধাৰণ সম্পাদক ৰূপে লৈ মূল সমিতিখন গঠন কৰা হয়৷ উক্ত সমিতিত ১১গৰাকী উপ–সভাপতি, ১১গৰাকী সম্পাদক, ১১গৰাকী যুটীয়া সম্পাদক আৰু ১১গৰাকী সাংগঠনিক সম্পাদক অন্তর্ভুক্ত কৰা হৈছে৷ উপ–সভাপতিকেইজন হ’ল– অদীপ কুমাৰ ফুকন, ড০ শিখৰ কুমাৰ শর্মা, ৰাণা চাংমাই, ৰবীন্দ্র কুমাৰ দত্ত, ইজৰাইল নন্দ, ইমদাদ হুছেইন, পলাশৰঞ্জন বৰুৱা, হৰেন চুতীয়া, ডাঃ বীৰেন বৰুৱা আৰু প্রণীতা ডেকা৷ আজিৰ প্রতিনিধি সভাই ৰাজ্যিক সমিতিৰ সম্পাদক ৰূপে– চিত্রৰঞ্জন বসুমতাৰী, বিশ্বজিৎ টিপমীয়া, ৰাজু ফুকন, জান বৰা, ৰাফেল কুজুৰ, ৰাজীৱ ভট্টাচার্য, সঞ্জয় দেৱ, দীপক হাজৰিকা, আব্দুল হাচিব, অমল ডেকা আৰু ৰাণী দাসক মনোনীত কৰে৷

সেইদৰে মূল সমিতিত ১১গৰাকী যুটীয়া সম্পাদক– প্রিন্স ফাইজুল হক, ড০ গোপাল ফুকন, মৈত্রেয়ী প্রিয়দর্শিনী, চন্দ্রপ্রকাশ শর্মা খাণ্ডেলৱাল, কমলেশ ডেকা, সুবীৰ মেচ, লুচী নেওগ, ইমদাদ হুছেইন, লাকিমণি বৰুৱা, দুলদুল বৰকটকী আৰু প্রার্থপ্রতিম বেজবৰুৱাক অন্তর্ভুক্ত কৰে৷ ইয়াৰ লগতে দলৰ ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক ৰূপে– চন্দন সন্দিকৈ, ৰূপজ্যোতি ৰাজবংশী, অচ্যুত শইকীয়া, ৱাহেদুৰ খণ্ডকাৰ, গোবিন গায়ন, টংকেশ্বৰ কোঁৱৰ, মহেশ শর্মা, ফকৰুল ইছলাম মজুমদাৰ, ৰাণা বৰদলৈ, পৱন শইকীয়া আৰু ৰঞ্জন কোঁৱৰক স্থান দিয়া হয়৷ আজিৰ ৰাজনৈতিক অভিৱর্তনৰ প্রতিনিধি সভাই অসম জাতীয় পৰিষদ দলক পূর্ণাংগ ৰূপ দি দলটোৰ ভৱিষ্যৎ কার্যপন্থা নির্ধাৰণ কৰি দিছে৷ সেই অনুসৰি সভাই মুঠ ১৯টা ৰাজনৈতিক প্রস্তাৱ গ্রহণ কৰি অসম আৰু অসমীয়াৰ স্বার্থ সুৰক্ষা কৰিব পৰা সকলো বিষয় অন্তর্ভুক্ত কৰিছে৷

ৰাজনৈতিক প্রস্তাৱৰ আৰম্ভণিতে খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰি বিজ্ঞানভিত্তিক পর্যবেক্ষণৰ আধাৰত নির্মাণ হ’ব লাগে নদীবান্ধত –এই কথা ঘোষণা কৰিছে জাতীয় পৰিষদে৷ এই ৰাজনৈতিক প্রস্তাৱত পৰিৱেশ প্রভাৱ মূল্যাংকন অধিসূচনা ২০২০ সম্পূর্ণৰূপে নাকচ কৰিছে অসম জাতীয় পৰিষদে৷ এই অধিসূচনাৰ ফলত হ’ব পৰা প্রকৃতি ধ্বংসৰ কাম কোনোপধ্যে অসমত হ’ব নিদিয়ে বুলি স্পষ্ট কৰি দিয়া হৈছে৷ লগতে ৰাজহুৱা বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ, ভাৰতীয় জীৱন বীমা নিগমৰ ব্যক্তিগতকৰণ তথা ভাৰতৰ অর্থনীতি দৃঢ় কৰিব পৰা বিষয়সমূহ ব্যক্তিগত খণ্ডক গতাই দিয়া পদক্ষেপসমূহক প্রত্যাহ্বান জনাইছে পৰিষদৰ ৰাজনৈতিক প্রস্তাৱে৷ কৃষিভূমি, কৃষিকার্য আৰু কৃষকৰ অধিকাৰ লোপ কৰি যি সংশোধিত আইন কেন্দ্রীয় চৰকাৰে জাপি দিছে, এই আইনো শীঘ্রে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে পৰিষদে৷

খাৰুৱা তেলকে ধৰি আন আন খনিজ দ্রব্যবোৰৰ ৰয়েল্টী নির্ধাৰণৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ বিশেষ কর্তৃত্বৰ দাবী কৰিব অসম জাতীয় পৰিষদে৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত অধিক ৰাজনীতি কৰাৰ পৰা বিৰত থাকি এই জনগোষ্ঠীসমূহক জনজাতিৰ মর্যাদা প্রদান কৰাৰ লগতে অসমৰ প্রতিটো জাতি–জনজাতি, জনগোষ্ঠী তথা ভাষা–ধর্মৰ লোকক মর্যাদা আৰু অধিকাৰ প্রদানত সিদ্ধান্ত লৈছে পৰিষদে৷ অসম জাতীয় পৰিষদৰ ৰাজনৈতিক প্রস্তাৱত গুৰুত্ব প্রদান কৰা হৈছে অসম চাহ উদ্যোগৰ লগতে ক্ষুদ্র চাহ খেতিয়ক তথা চাহ শ্রমিকৰ মজুৰিৰ প্রসংগক৷ চাহ শ্রমিকৰ নূ্যনতম মজুৰি নির্ধাৰণ কৰাত পৰিষদে ব্যৱস্থা গ্রহণৰ আশ্বাস দিছে৷ আজি প্রকাশ কৰা ১৯ দফীয়া ৰাজনৈতিক প্রস্তাৱ হ’ব অসম জাতীয় পৰিষদ দলৰ ভৱিষ্যৎ কার্যপন্থা৷

You might also like