নিন্দু–পূর্ণেন্দুৰ হত্যা: ফাষ্টট্রেক আদালতত বিচাৰৰ আবেদন
নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: চাঞ্চল্যকৰ নিন্দু লাংথাছা আৰু পূর্ণেন্দু লাংথাছাৰ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্রক্রিয়া ফাষ্টট্রেক আদালতত সম্পন্ন কৰিবলৈ নির্দেশ দিয়াৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ৷ নিন্দু লাংথাছাৰ পুত্রই দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাৰি কৰিছে জাননী৷ উল্লেখ্য যে ২০০৮ চনত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ দুই নেতা পূর্ণেন্দু লাংথাছা আৰু নিন্দু লাংথাছাক হত্যা কৰিছিল উগ্রবাদী সংগঠন ডিএইচডি গোটে৷ এই সন্দর্ভত দিহিং থানাত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ লগতে সশস্ত্র আইনৰ ধাৰাৰ অধীনত ৰুজু হৈছিল ২/২০০৮ নম্বৰৰ গোচৰ৷ কিন্তু বিগত ১৩ বছৰে এই গোচৰটোৰ তদন্ত প্রক্রিয়া অত্যন্ত লেহেম গতিৰে আগবাঢ়ে৷
আনকি গোচৰটোত অভিযুক্ত বর্তমান স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছাসহ আন অভিযুক্তৰ বিৰুদ্ধে তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰা নাছিল চার্জশ্বীট৷ গৃহ বিভাগে অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ চলাবলৈ অনুমতি প্রদান কৰাৰ বাবেই চার্জশ্বীট দাখিল কৰিব পৰা নাছিল আৰক্ষীয়ে৷ যাৰ পৰিপ্রেক্ষিতত সমগ্র বিষয়ৰ ওপৰত উচিত তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল৷ এই আবেদনৰ শুনানিৰ সময়তে যোৱা ২৫ জুনত তদন্তকাৰী আৰক্ষীয়ে দেৱলাল গার্লোছা আৰু আন অভিযুক্তসকলৰ বিৰুদ্ধে দাখিল কৰে চার্জশ্বীট৷ কিন্তু ১৩ বছৰে গোচৰটোৰ তদন্ত সম্পূর্ণ নকৰাৰ বাবে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিচাৰ প্রক্রিয়া ফাষ্টট্রেক আদালতৰ জৰিয়তে সম্পন্ন কৰাটো বিচাৰিছে নিন্দু লাংথাছাৰ পুত্রই৷
ইপিনে হত্যাকাণ্ডৰ গোচৰত চার্জশ্বীটত অভিযুক্ত কৰাৰ পিছত দেৱলাল গার্লোছাক ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰাৰ নির্দেশনাৰ প্রার্থনাৰে নিন্দু লাংথাছাৰ পুত্রই উচ্চ ন্যায়ালয়ত দাখিল কৰিছে আন এখন আবেদন৷ এই আবেদনৰ জৰিয়তে চার্জশ্বীটত নাম উল্লিখিত ব্যক্তিয়ে কিদৰে সাংবিধানিক পদবীত অধিষ্ঠিত হৈ থাকিব পাৰে, সেই সন্দর্ভত প্রশ্ণৰ উত্থাপন কৰা হৈছে৷ অৱশ্যে এইক্ষেত্রত পুনৰ শুনানি গ্রহণ কৰিব উচ্চ ন্যায়ালয়ে৷