‘নিয়মীয়া বার্তা’ৰ উপ–সম্পাদক সৌন্দর্য ঠাকুৰীয়াক আৰোহণ মিডিয়া বঁটা
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ অসমৰ আগশাৰীৰ সাহিত্য–সাংস্কৃতিক–স্ ক্ষেত্রখনত অগ্রণী ভূমিকা লৈ অহা ‘আৰোহণ আর্টিষ্ট গীল্ড’ৰ পৰিচালনাত ৮ ছেপ্টেম্বৰত গুৱাহাটীস্থিত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়৷
বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্মদিনত আয়োজন কৰা অনুষ্ঠানত নলবাৰীৰ দর্শনজ্যোতি হালৈক শিশু শিল্পী বঁটা, বঙাইগাঁও জিলাৰ দেউৰীপাৰাৰ দিপুল দাসক অসম জ্যোতিৰত্ন বঁটা, কামৰূপ জিলাৰ আমিনগাঁৱৰ অপূর্ব কুমাৰ দাস, বাইহাটাৰ ৰাজীৱলোচন শর্মা, প্রবীণ চন্দ্র দাস, বকো চুকুনীয়াৰ নীৰেন চন্দ্র ৰাভাক জনগোষ্ঠীয় ‘সাহিত্য–সংস্কৃতি বঁটা’, বৰম্বৈৰ আব্দুল জলিল, মনমোহন চৌধুৰী, আজান বৈশ্য, মজনুৰ আলী, শান্তিৰাম বড়ো, ঠুনুকা দেৱী, যোগেন চন্দ্র দাস, প্রাণেশ্বৰ চৌধুৰী আৰু গুৱাহাটীৰ কমল শর্মা আৰু ৰীতা দেৱীক কৃতী শিক্ষক বঁটা, নেমকেয়াৰ শৈক্ষিক প্রতিষ্ঠানৰ অধ্যক্ষ ড০ ভার্গৱজ্যোতি চহৰীয়া, ধুবুৰীৰ আজিজুৰ ৰহমান আৰু ডিমু চনমাগুৰিৰ প্রাণেশ্বৰ শালৈ শৈক্ষিক সমন্বয় বঁটা, হাজো, পাথৰিঘাট আৰু চাংসাৰি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধি, মহেন্দ্র শর্মা আৰু ভাস্কৰ বর্মনক প্রশাসনিক সমন্বয় বঁটা, ৰাজাপুখুৰীৰ চবিন কুমাৰক ‘কৃষক বন্ধু বঁটা’, চামতাৰ ফাইজুৰ ৰহমানক জীৱনজোৰা শিল্পী সাধনা বঁটা, ‘নিয়মীয়া বার্তা’ৰ উপ–সম্পাদক সৌন্দর্য ঠাকুৰীয়া, প্রতিদিন টাইমৰ আব্দুল গনি খান চৌধুৰী, প্রাগ নিউজৰ তীর্থৰঞ্জন মহন্ত, খবৰ কাকতৰ (গোৱালপাৰা)ৰ কমল নাথ আৰু ওৰাঙৰ তৰুণ ডেকাক আৰোহণ মিডিয়া বঁটা প্রদান কৰা হয়৷
ইফালে, গোৱালপাৰা (মৰনৈ)ৰ শৰৎ দাস, মাজবাট (ওৰাং)ৰ ডাঃ বাদল দৈমাৰী, নগাঁও (চটাৰূপহী)ৰ নুৰুল আমিন চৌধুৰীক সমাজসেৱা বঁটা, নলবাৰীৰ অঞ্জন ডেকা, দৰং (দিপীলা)ৰ অতুল চন্দ্র কলিতাক মানৱসেৱা বঁটা, কামৰূপ (হাজো)ৰ দীনমণি ভাণ্ডাৰকায়স্থ আৰু লখিমপুৰ (নাৰায়ণপুৰ)ৰ বিপুল ভূঞাক সামাজিক সমন্বয় বঁটা, ভোমোলাহাটীৰ লতিফউদ্দিন আহমদ, ছিপাঝাৰৰ কমলেশ্বৰ ডেকা, চিৰাং জিলাৰ বাসুগাঁৱৰ শম্ভু ৰাজবংশী, ওৰাঙৰ চোৰেন দৈমাৰীক সমাজহিতৈষী বঁটা, শুৱালকুছিৰ দীপক কুমাৰ, ক্ষেত্রীৰ তপন মেধি, চাংসাৰিৰ পিংকু চৌধুৰী, গোৱালপাৰাৰ আব্দুল ৰহিম জিব্রানক সমন্বয় বঁটা, হাজোৰ পংকজ কলিতা, মার্ঘেৰিটাৰ উমেশ বৰা, গুৱাহাটীৰ চন্দ্র কুমাৰ শর্মা আৰু ছয়গাঁৱৰ জুৰি দাস বৰাক সমাজ–সাংস্কৃতিক সমন্বয় বঁটা, বাৰেডলাৰ ভৱানী কলিতা, মির্জাৰ হেমন্ত দাস, ৰঙিয়াৰ দ্বিজেন দাসক শিল্পী বঁটা, কামৰূপ জিলাৰ পদ্মৰাম কলিতা, বলোৰাম ডেকা আৰু কিশোৰ কলিতাক সাহিত্য বঁটা, জয়ন্ত কুমাৰ ৰাভাক কবি সাহিত্য বঁটা প্রদান কৰা হয়৷
আৰোহণ আর্টিষ্ট গীল্ডৰ সভাপতি দিলীপ নাথে আঁত ধৰা অনুষ্ঠানত প্রথমে বন্তি প্রজ্বলন কৰে আজাৰা সাহিত্য সভাৰ সভাপতি, লেখক, সাংবাদিক মনোৰঞ্জন ভট্টই৷ সন্মানিত অতিথি হিচাপে পাণ্ডু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা যশস্বী সাহিত্যিক ভৱানীপ্রসাদ অধিকাৰী, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্রহ্ম, বিশিষ্ট লেখক তথা শিক্ষাসেৱী ৰাতুল চন্দ্র গোস্বামী, গৱেষক তথা লেখক ভূবিন চন্দ্র ৰাভা, বিশিষ্ট অতিথি হিচাপে সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰ, বিশিষ্ট সমাজসেৱিকা দীপা হাজৰিকা, নিমন্ত্রিত অতিথি হিচাপে বহুভাষিক সাহিত্য মঞ্চৰ প্রধান সম্পাদক দীপক শর্মা, শিশু সাহিত্যিক হাজেম পিয়াৰ আৰু শিক্ষক অনিল সাউদ উপস্থিত থাকে৷