নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ মাহে নাই কাৰেণ্টঃ কলগাছিয়াৰ চৰচৰীয়া চৰত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী: বৰপেটাৰোড্ উপ-বিদ্যূৎ সংমণ্ডল তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰচৰীয়া চৰত আজি শতাধিক পুৰুষ-মহিলাই বৰপেটাৰোড্ বিদ্যুৎ সংমণ্ডলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চৰচৰীয়া চৰ এলেকাধীন চৰচৰিয়া, মিনিছিমলা, শ্ৰীৰামপুৰ, কুৰুবাহা, জিকনিকুৰা, বৰদাঙা, হাজিপাৰা, আছিয়াৰাপাৰা আদি পাঁচখন গাঁৱৰ দুই সহস্ৰাধিক পৰিয়াল বিগত ন মাহ ধৰি বিদ্যুত সেৱাৰ পৰা বঞ্চিত হৈ আহিছে। চৰচৰীয়া চৰৰ ৰাইজে স্থানীয় বিধায়ক আৰু এছ ডি অৰ ওচৰত কেইবাবাৰো গৈছে যদিও বৰপেটাৰোড্ বিদ্যুৎ সংমণ্ডলৰ এছ ডি অগৰাকীয়ে ৰাইজক কোন গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। বৰঞ্চ এছ ডি অগৰাকীয়ে কাণ্ডজ্ঞানহীনভাৱে ৰাইজক নিজে নিজেই বিদ্যুৎ সংযোগ কৰি ল’বলৈ পৰামৰ্শ আগবঢ়োৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন চৰৰ ৰাইজে। বিগত ন মাহ ধৰি বিদ্যুৎ নথকাৰ ফলত সমাগত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ভীষণ অসুবিধা হৈছে। উপায়ান্তৰ হৈ আজি চৰচৰীয়া চৰ শতাধিক পুৰুষ-মহিলাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰে।

মফিদুল ইছলাম,কলগাছিয়া ।

You might also like