ধুবুৰীৰ উন্নয়নত তলা চাবি মাৰি থৈছে এআইইউডিএফে
নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ধুবুৰী বিধানসভা সমষ্টিৰ কাছাৰীহাটত আজি বুথভিত্তিক এখন বিশাল ৰাজহুৱা সভাৰে বিজেপিয়ে কার্যতঃ ধুবুৰীত আগন্তুক বিধানসভা নির্বাচনৰ দুন্দুভি বজায়৷ দলটোৰ ধর্মশালা মণ্ডলৰ উদ্যোগত কাছাৰীহাট প্যাৰী মোহন উচ্চ ইংৰাজী বিদ্যাপীঠ খেলপথাৰত আয়োজিত ৰাজহুৱা সভাখনত মুখ্য অতিথিৰূপে ভাগ লয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই৷ বিজেপিৰ স্থানীয় নেতা–কর্মীয়ে সাংসদগৰাকীক এটা বাইক ৰেলীৰে সভাস্থলীৰ কাষলৈ আদৰি অনাৰ পিছত কোচ ৰাজবংশী নৃত্য–গীতেৰে আদৰি তেখেতক সভাথলীলৈ নিয়া হয়৷ বিজেপিৰ ধর্মশালা মণ্ডলৰ সভাপতি আনন্দ ৰায়ৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাখনত দলটোৰ ধুবুৰী জিলা সভাপতি ডাঃ দেৱোময় সান্ন্যালে নিজৰ ভাষণত আগন্তুক বিধানসভা নির্বাচনত বিজেপিয়ে ধুবুৰী মহকুমাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ– তিনিওটা বিধানসভা সমষ্টিত জয়ী হোৱাৰ লক্ষ্য বান্ধি লোৱা বুলি জানিবলৈ দিয়ে৷ তেখেতে ধুবুৰীৰ এআইইউডিএফ বিধায়ক আৰু সাংসদগৰাকীৰ সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰাৰ কোনো ধৰণৰ স্পৃহা নাই বুলি তীব্র সমালোচনা কৰে৷ আনহাতে সভাখনত দিয়া ভাষণত ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ধুবুৰী–ফুলবাৰী দলঙকে ধৰি জিলাখনৰ উন্নয়নৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক কাম–কাজৰ খতিয়ান দিয়ে৷
সভাখনৰ মুখ্য অতিথি তথা সাংসদ কামাখ্যা প্রসাদ তাছাই ভাষণত এআইইউডিএফে সমষ্টিটোৰ উন্নয়নত তলা–চাবি মাৰি বন্ধ কৰি ৰখা বুলি কটাক্ষ কৰে৷ সাংসদ তাছাই আগন্তুক বিধানসভা নির্বাচনত বিজেপিৰ উন্নয়নমুখী কাম–কাজৰ বাবে অসমত শতাধিক আসন পোৱাৰ দলটোৰ লক্ষ্যৰ প্রতি সঁহাৰি দিবলৈ সভাত উপস্থিত ৰাইজলৈ আহ্বান জনায়৷ আজিৰ বুথভিত্তিক ৰাজহুৱা সভাখনতেই ধুবুৰী বিধানসভা সমষ্টিৰ অন্তর্গত বিভিন্ন গাঁও পঞ্চায়তৰ শতাধিকৰ ওপৰত কংগ্রেছ আৰু এআইইউডিএফ নেতা–কর্মী আৰু পুৰুষ–মহিলাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ ৰাজহুৱা সভাখনত জিলা বিজেপিৰ বিশিষ্ট নেতা তথা বিজেপিৰ ৰাষ্ট্রীয় পৰিষদৰ সদস্য বিমল ওচোৱাল, দলটোৰ জিলা উপ–সভাপতি তথা ধুবুৰী বিধানসভা সমষ্টিৰ নির্বাচন প্রভাৰী গৌৰাংগ চৌধুৰী, বিজেপিৰ ধুবুৰী জিলা উপ–সভাপতি প্রসেনজিৎ দত্ত আৰু গোপাল প্রসাদ, ধুবুৰী জিলাৰ সম্পাদকদ্বয় ভগীৰথ ওঝা আৰু বিশ্বজিৎ ৰায়, ঝগৰাৰপাৰ গাঁও পঞ্চায়তৰ সভাপতি মিজানুৰ হক, ভাষানীচৰ গাঁও পঞ্চায়তৰ সভানেত্রী হামিদা খাতুন মোল্লা আৰু স্থানীয় গণ্য–মান্য ব্যক্তি উপস্থিত আছিল৷