প্ৰতিখন চৰকাৰৰ উদাসীনতাঃ উন্নয়নে কিয় ঢুকি পোৱা নাই চমকঙক?
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ চমকং আজিও সৰ্বদিশতে পিছপৰা। ব্ৰিটিছৰ দিনৰ ঐতিহাসিক চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত স্বৰাজোত্তৰ কালৰ কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান কৰি অহা নাই, ফলত দেশ স্বাধীন হোৱাৰ সাতটা দশকৰ পিছতো চমকঙৰ যাতায়াত, স্বাস্থ্য, খোৱাপানী, জলসিঞ্চন আদি এশ-এবুৰি সমস্যাৰ কোনো এটাও সমাধান হোৱা নাই।
বিগত চৰকাৰবোৰৰ সমান্তৰালকৈ বৰ্তমানৰ বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনেও চমকং অঞ্চলটোৰ বিশেষ উন্নয়ন সাধিব পৰা নাই। ঐতিহাসিক চমকঙৰ মূল পথ চিমেন চাপৰি কলেজ তিনি আলিৰ পৰা চমকং হৈ চেঙাজান সংযোগী পিএমজিএছৱাই পথেৰে সংযোগ হোৱা অধিকাংশ গ্ৰাম্য পথৰ অৱস্থা অতি শোচনীয়। গ্ৰাম্য পথবোৰ পকীকৰণ নোহোৱাৰ লগতে জৰাজীৰ্ণ পথৰ মাজত থকা নলা-নৈ-জানৰ ওপৰত দলং, কালভাৰ্ট নিৰ্মাণ নোহোৱাৰ ফলত চমকংবাসী গঞা ৰাইজে দুৰ্বিষহ জীৱন পাৰ কৰিছে।
চমকং বজাৰৰ পৰা সোণাপুৰ, বৰুৱাবালি হৈ ৰংপুৰীয়া সংযোগী পথৰ পকীকৰণ নোহোৱাৰ লগতে পথৰ মৰা চিমেন নদীৰ ওপৰত দলং নিৰ্মাণ নোহোৱাত গঞা ৰাইজে বাৰিষাকালত পথটোৰে যাতায়াতত অসুবিধা সন্মুখীন হৈ আহিছে।
চমকং বড়ো গাঁৱৰ পৰা ব্ৰহ্মপুৰ সংযোগী পথ, চিমেন চাপৰি-চমকং সংযোগী পিএমজিএছৱাই পথৰ পৰা ১ নং বেজগুৰি হৈ ২নং বেজগুৰি সংযোগী পথ, লকলুং গাঁৱৰ পৰা ২ নং তাদুনীয়া পথ, চমকং চেঙাজান ফেৰীঘাট পিএমজিএছৱাই পথৰ পৰা ব্ৰহ্মপুৰ, বিঞ্চুপুৰ, বিলপাৰ, মাজগাঁও হৈ ৰামনলা সংযোগী পথ, মটং তিনিআলিৰ পৰা ব্যাসবাৰী, লামাজান মিচিং গাঁও হৈ নিলখীয়া গাঁও সংযোগী পথ, ডিমৰুগুৰী মিচিং গাঁৱৰ পৰা লামাজান বৃহস্পতি বজাৰ সংযোগী পথ, কাজিৰঙা গাঁৱৰ পৰা নাৰায়ণপুৰ হাজং গাঁও হৈ চিলিমপুৰ তিনিআলি সংযোগী পথৰ আজিও শোচনীয় হৈ আছে।
আনহাতে অতি পুৰণি অঞ্চল হিচাপে পৰিচিত চমকঙত এখনো চিকিৎসালয় প্ৰতিষ্ঠা নোহোৱাটো অতি পৰিতাপৰ বিষয় হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে যোৱা আগষ্ট মাহৰ শেষৰ সপ্তাহত জোনাইৰ ভুৱন পেগু আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই চমকং অঞ্চলৰ কেইবাটাও জৰাজীৰ্ণ পথ পৰিদৰ্শন কৰি ৰাইজৰ আগত নিৰ্মাণৰ আশ্বাস প্ৰদান কৰিছে।
কিন্তু জোনাই বিধানসভা সমষ্টিত তিনিবাৰকৈ বিধায়ক হৈ যোৱা প্ৰদান বৰুৱা আৰু দুবাৰকৈ বিধায়ক হোৱা ভুৱন পেগুৱে চমকং অঞ্চলৰ জৰাজীৰ্ণ পদসমূহ নিৰ্মাণত মনোনিৱেশ নকৰিলে। শেহতীয়াকৈ পুনৰ বিধানসভা নিৰ্বাচনৰ দিন চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰতিনিধি দুগৰাকীয়ে ৰাইজৰ মাজত উন্নয়নৰ আশ্বাস প্ৰদান কৰিছে যদিও এই আশ্বাস নিৰ্বাচনৰ আগত কিমানদূৰ ফলৱতী হ’ব তাক লৈ ভুক্তভোগী ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে।