মাস্ক নিপিন্ধাকৈ ৰাজহুৱা স্থানলৈ ওলাই অহা লোকৰ পৰা জোনাই মহকুমা প্ৰশাসনৰ ২৫,০০০ হাজাৰ জৰিমনা সংগ্ৰহ
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ বিশ্বত্ৰাস মাৰাত্মক কৰ’ণা আতংকৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জোনাই মহকুমা প্ৰশাসনে মাস্ক পিন্ধিহে ঘৰৰ পৰা যিকোনো কামত বাহিৰলৈ ওলোৱাৰ নিৰ্দেশ জাৰি কৰি থকা হৈছে৷ বিনা মাস্কত ঘৰৰ পৰা ওলাব নালাগে বুলি কৈ থকা সময়তে আজি পুনৰ জোনাইত মাস্ক পৰিধান নকৰা লোকসকল জোনাই মহকুমা প্ৰশাসনৰ ৰোষত পৰে। স্বাস্থ্যৰ কথা চিন্তা কৰক বা নকৰক জেলত যোৱাৰ ভয়ৰ পৰা সাৰিব বিচাৰিলে পৰিধান কৰিব লাগিব মাস্ক। জোনাই মহকুমা প্ৰশাসনে বাধ্যতামূলক কৰি দিছে মাস্ক পৰিধান কৰাতো। পিছে ইমানৰ পিছতো জোনাই মহকুমাত বহু মানুহৰ মাজত বৰ্তমানলৈ কোনো গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে । মাস্ক পৰিধান নকৰা লোকৰ পৰা আজি জোনাই মহকুমা প্ৰশাসনে ২৫,০০০ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰে৷ উল্লেখযোগ্য যে জোনাই মহকুমাত মাস্ক নিপিন্ধা লোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে জোনাই মহকুমা প্ৰশাসনে । ৰাজহুৱা স্থানত মাস্ক নিপিন্ধাকৈ ওলাই ঘুৰি ফুৰিলে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ লগতে মহকুমা প্ৰশাসনৰ এই অভিযান অবিৰত ভাৱে চলি থাকিব বুলি জোনাই মহকুমা দণ্ডাধীশ প্ৰিতম কুমাৰ দাস আৰু জোনাই আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীম কান্ত পেগুৱে জানিব দিছে।