নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে দাখিল কৰিলে মনোনয়ন

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ কামৰূপ জিলাৰ ৪৯ নং ছয়গাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে আজি পুৱা মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ আগতে চণ্ডিকা দেৱালয় আৰু ছয়গাঁও জামে মছজিদত আশিস গ্ৰহণ কৰে।

বিধায়কগৰাকীয়ে আশিষ গ্ৰহণ কৰাৰ পিছত চণ্ডিকা দেৱালয় প্ৰাংগণত সাংবাদিকৰ আগত কয় যে বিধায়ক হিচাপে সফলতা-বিফলতা বহুত থাকিব। এগৰাকী বিধায়ক হিচাপে সমষ্টিটোৰ উন্নয়নৰ বাবে দক্ষিণ কামৰূপ জিলাখন পুনৰ আঁজুৰি আনিম বুলি উল্লেখ কৰে।

নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী অগপৰ প্ৰাৰ্থীগৰাকীয়ে তেওৰ বিৰুদ্ধে তোলা অভিযোগ খণ্ডন কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে যদি মই বিগত ১০ বছৰে শুই থাকিলোহেঁতেন, তেতিয়াহ’লে তেওঁ ছয়গাঁওবাসীৰ পৰা বিদায় লৈ পলাশবাৰী সমষ্টিত অগপৰ প্ৰাৰ্থীগৰাকীয়ে কিয় নিৰ্বাচন খেলিবলৈ যাব বিচাৰিছিল বুলিহে ওলোটাই প্ৰশ্ন কৰে।

বিধায়ক আহমেদে সংবাদ মাধ্যমক ধন্যবাদ জনাই আগন্তুক নিৰ্বাচনত ১ লাখৰো অধিক ভোটত জয়ী হ’ব বুলি দৃঢ়তাৰে ঘোষণা কৰে। অনাগত দিনত ছয়গাঁও সমষ্টিৰ পৰিকাঠামো যাতে শক্তিশালীভাৱে স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে।

You might also like