নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিদলীত অন্তিম দিনা ৫ গৰাকীৰ মনোনয়ন-পত্ৰ দাখিল

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিনা ৩১নং চিদলী (জনজাতি) বিধান সভা সমষ্টিত ৫ জন প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে। সমষ্টিটোত দুজনে দুখনকৈ মনোনয়ন পত্ৰ দাখিল কৰাত মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছেগৈ দহজন।

ইয়াৰে ভিপিআইৰ মনোমতী গয়াৰী আৰু  ইউপিপিএলৰ জয়ন্ত বসুমতাৰীয়ে দুখনকৈ মনোনয়ন দাখিল কৰিছে। আজি মনোনয়ন-পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰৰ জনতা দল ইউনাইটেড(জেডিইউ) দলৰ হৈ  ৰঞ্জন কুমাৰ ব্ৰহ্মই তেওঁৰ কিছু  সমৰ্থকক লৈ জিলা নিৰ্বাচনী  বিষয়াৰ হাতত মনোনয়ন-পত্ৰ দাখিল কৰে।

ইয়াৰ লগতে ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ যোছেফ বসুমতাৰী(নিৰ্দলীয়), নিৰ্দলীয় প্ৰাৰ্থী স্মৃতি বসুমতাৰী আৰু বুবুল  দাসেও চিদলী সমষ্টিত প্ৰাৰ্থী হিচাপে মনোনয়ন-পত্ৰ দাখিল কৰে। সমষ্টিটোৰ পৰা মনোনয়ন-পত্ৰ দাখিল কৰা দ্বিতীয়গৰাকী মহিলা প্ৰাৰ্থী স্মৃতি বসুমতাৰীয়ে এই সন্দৰ্ভত কয় যে তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত কমেও একলাখ ভোট লাভ কৰি বিজয়ী হ’ব।

মহিলা প্ৰাৰ্থীৰ বাবে  এইবাৰৰ নিৰ্বাচনত সমষ্টিৰ মহিলা ভোটাৰে তেওঁক বিজয়ী কৰাব বুলি মন্তব্য প্ৰকাশ কৰে। আনফালে  ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ প্ৰাৰ্থী যোছেফ বসুমতাৰীয়ে চিদলী সমষ্টিৰ পূৰ্বৰ বিধায়কে অঞ্চলটোৰ উন্নয়ন সাধনত ব্যৰ্থ হোৱাত সমষ্টিৰ জনসাধাৰণে নতুন চেহেৰাক সমষ্টিৰ পৰৱৰ্তী জনপ্ৰতিনিধি হিচাপে বিচাৰিছে বুলি মন্তব্য কৰে।

তেওঁ বিজয়ী হ’লে সমষ্টিটোৰ যুৱকক নিচামুক্ত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলিও সদৰী কৰে। জেডিইউৰ প্ৰাৰ্থী ৰঞ্জন কুমাৰ ব্ৰহ্ম আৰু নিৰ্দলীয় প্ৰাৰ্থী বুবুল দাসেও আগন্তুক নিৰ্বাচনত সমষ্টিটোত সহজে বিজয় সাব্যস্ত কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে।।

You might also like