ৰঞ্জিত দাসৰ উপস্থিতিত বিজনীত অজয় কুমাৰ ৰায়ৰ মনোনয়ন পত্ৰ দাখিল
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অসম বিধান সভা নিৰ্বাচনৰ বাবে আজি চিৰাং জিলাৰ অধীনৰ ৩৩ নম্বৰ বিজনী বিধান সমষ্টিত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ে বিজনী মহকুমাধিপতি কাৰ্যালয়ত জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে |
ইয়াৰ পূৰ্বে চিৰাং জিলা বিজেপিৰ উদ্যোগত বিজনী জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত এক প্ৰচাৰ সভা অনুষ্ঠিত হয় | চিৰাং জিলা বিজেপিৰ সভাপতি বিৰয়পেলৱ দেৱনাথৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিজনী সমষ্টিত অগপ, ইউ পি পি এল সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায় |
তেওঁ বিজেপিৰ একাধিক নেতাই প্ৰাৰ্থিত্ব বিচৰা সন্দৰ্ভত দলে বিবেচনা কৰি অজয় কুমাৰ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি উল্লেখ কৰে | লগতে বিসম্বাদ কৰা নেতাসকলক দলৰ নীতি-আদৰ্শৰে নিৰ্বাচনী কামত নিয়োজিত হ’বলৈ আহ্বান জনায় |
সভাত অগপ দলৰ কেন্দ্ৰীয় নেতা ভূপেন ৰায়, কমতাপুৰ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন, উপাধ্যক্ষ সুখেন ৰায়, বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, কাৰ্যবাহী সদস্য গৌতম দাস, সদস্য প্ৰদীপ কুমাৰ বায়নসহ কেইবা হেজাৰ মিত্ৰজোঁটৰ নেতা-কৰ্মী, সমৰ্থক উপস্থিত থাকে |
পাছলৈ বিজেপিৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ক লৈ বিজনী চহৰ সমদল কৰি মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হয় |