নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত অবড়ো সুৰক্ষা সমিতিৰ অৱস্থান ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ চিৰাং জিলাৰ বিজনীত আজি বিটিআৰ চুক্তিৰ বিৰোধিতা আৰু অবড়ো ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ কৰে অবড়ো ৰাইজে।এই সংক্ৰান্তত আজি চিৰাং জিলাৰ বিজনীত অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

উক্ত সংগঠনটোৰ বিজনী জিলা সমিতিয়ে বিটিএডিৰ পৰা সকলো অবড়ো সংখ্যাগৰিষ্ঠ গাঁও কৰ্তন, অবড়ো ৰাইজৰ ভূমি আৰু ভাষাৰ অধিকাৰ সুৰক্ষা কৰা, বিটিআৰ চুক্তি ৰূপায়ণ বন্ধ কৰাকে আদি কৰি সাত দফীয়া দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে বিটিআৰ চুক্তি বাতিল কৰক, বিটিআৰ চুক্তি নামানো, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। ইয়াৰ পিছত সংগঠনটোৱে উক্ত সাতদফীয়া দাবীসম্বলিত এখন স্মাৰক-পত্ৰ বিজনী মহকুমাধিপতিৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰে।

You might also like