নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰৰ শিমলুগুৰিত এনৰেগা ৰূপায়ণত অনিয়ম

নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ৰোনা ভাইৰাছৰ বাবে সমগ্র দেশ তথা ৰাজ্যত লকডাউন অব্যাহত থকাৰ মাজতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডত এনৰেগা আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম বিৰাজ কৰিছে৷ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ শিমলুগুৰি গাঁও পঞ্চায়তৰ শিমলুগুৰি সাহায্যকাৰী চিকিৎসালয়ৰ চৌহদত মাটি পেলোৱাৰ বাবে শিমলুগুৰি আঞ্চলিক পঞ্চায়তৰ যোগে ২০১৯–২০ বর্ষত মুঠ ১২ লাখ টকা আবণ্টন দিয়া হৈছিল৷

উক্ত আঁচনি ৰূপায়ণৰ দায়িত্বত থকা  যুৱকজনে সামান্য কাম কৰিয়েই ইতিমধ্যে ৮ লাখ ১৩ হাজাৰ টকা উলিয়াই নিয়াত আশ্চর্য প্রকাশ কৰিছে শিমলুগুৰি আঞ্চলিক পঞ্চায়ত সদস্যাগৰাকীয়ে৷ আঁচনিখনৰ তদাৰকত থকা সদস্যাগৰাকীৰ অজ্ঞাতে যুৱকজনে এই বৃহৎ পৰিমাণৰ ধন উলিয়াই নিয়াত অলপতে অভিযোগ কৰি নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীক আঁচনিখনত হোৱা অনিয়ম সন্দর্ভত লিখিতভাৱে আবেদন জনাইছিল৷

যোৱাবর্ষৰ আগষ্ট মাহত সামান্য  মাটি পেলাই তথাকথিত ঠিকাদাৰ ৰূপী যুৱকজনে ৭ লাখ ৩২ হাজাৰ ৭২০ টকা আঁচনিখনৰ পৰা উলিয়াই নিয়াত অঞ্চলটোৰ সচেতন ৰাইজৰ অভিযোগৰ ভিত্তিত সংবাদ মাধ্যমত এই সর্ম্পকে বাতৰি প্রকাশ পাইছিল৷ বাতৰিৰ প্রতিক্রিয়া হিচাপে আজি বিষয়াগৰাকীয়ে অভিযন্তাসহ শিমলুগুৰি গাঁও পঞ্চায়ত কর্তৃপক্ষক লগত লৈ শিমলুগুৰি সাহায্যকাৰী চিকিৎসালয়ত উপস্থিত হৈ তদাৰক কৰি অসম্পূর্ণ  কামসমূহ কৰিবলৈ ঠিকাদাৰগৰাকীৰ পৰিৱর্তে অভিযন্তাগৰাকীক নির্দেশ দিয়ে৷

আনহাতে, পৰৱর্তী সময়ত আঁচনিখনত হোৱা অনিয়মৰ তদন্ত যাতে ভেঁকো–ভাওনালৈ ৰূপান্তৰিত নহয় তাৰ বাবে তাৰ বাবে ৰাইজে উচ্চ পর্যায়ৰ তদন্তৰ আহ্বান জনাইছে৷

You might also like