জোনাইত আন্তঃজিলা ছাব জুনিয়ৰ ভলীবল প্রতিযােগিতা
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ অসম ভলীবল সন্থাৰ উদ্যোগত, ধেমাজি জিলা ক্রীড় সন্থাৰ আৰু জোনাই ক্রীড়া সন্থাৰ সহযােগত ধেমাজি জিলাৰ সীমান্তৱর্তী জোনাই মহকুমাত ২ ফেব্রুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৩৩ সংখ্যক সদৌ অসম আন্তঃজিলা চাব জুনিয়ৰ ভলীবল প্রতিযােগিতা।
শনিবাৰে জোনাই আৱৰ্ত ভৱনত অসম ভলীবল সন্থাৰ সহযােগী উপ-সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য প্রশান্ত বৰি আৰু অসম ভলীবল সন্থা কোষাধ্যক্ষ মুকট গগৈয়ে এক সংবাদ মেল আয়ােজন কৰি আনুষ্ঠানিকভাৱে সদৰী কৰে এই কথা।
সংবাদমেলত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব লগা ৩৩ সংখ্যক সদৌ অসম ভলীবল প্রতিযােগিতাত অসমৰ বিভিন্ন জিলাৰ ১৬ বছৰ অনূৰ্ধ্ব ১২ টা ছােৱালীৰ দল আৰু ২৬ টাৰো অধিক ল’ৰাৰ ভলীবল দলে অংশগ্রহণ কৰিব বুলি জানিবলৈ দিয়ে।
সংবাদ মেলত, উপস্থিত আছিল মিচিং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য নৰেশ কুম্বাঙে।