পছৰীয়ত ভাৰতীয় তেল শোধানাগাৰৰ উদ্যোগত বিশেষভাবে সক্ষম লোকক সামগ্ৰী বিতৰণ
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ভাৰতীয় তেল নিগম লিমিটেড, গুৱাহাটীৰ উদ্যোগত Artifical Limbs Manufacturing Corporation India আৰু গুৱাহাটী ব্ৰহ্মপুত্ৰ শিশু প্ৰশিক্ষণ কেন্দ্ৰ শিলগুৰিৰ সহযোগত কামৰূপ জিলাৰ পছৰীয়াত আজি ২৬৭ গৰাকী বিশেষ ভাবে সক্ষম লোকৰ মাজত বিভিন সা সামগ্ৰী বিতৰণ কৰা হয় ৷ এই উপলক্ষে পছৰীয়া ৰামসৰাশ্বতী প্ৰেক্ষাগৃহত আয়োজিত সভাত অংশ লৈ গুৱাহাটী শোধানাগাৰৰ চি এছ আৰ বিভাগৰ জেনেৰেল মেনেজাৰ নৱজ্যোতি বৰাই কয় যে ভাৰত চৰকাৰৰ এই কোম্পানীটোৰ ২০ শতাংশ লাভৰ ধনৰে প্ৰতি বছৰে সামাজিক দ্বায়বদ্ধ (CSR) আচনিৰ অধীনত সমাজৰ উন্নয়নৰ হকে খৰচ কৰিব লাগে ৷ এইবাৰ কামৰূপৰ পছৰীয়াত বিশেষ ভাবে সক্ষম(দিব্যাংগ) লোক সকলৰ মাজত ট্ৰাই চাইকেল, হুইল চেয়াৰ, চি পি চেয়াৰ, ৰ্কাস্ট্ৰাচ, ওৱাল কিং স্ট্ৰীক, স্মাৰ্টফোন, ব্ৰালি কিট কে ধৰি আন আন সামগ্ৰী বিতৰণ কৰা হয় ৷ অনুস্হানত কোম্পানীটোৰ সহকাৰী সঞ্চালক ৰাম কিশোৰ শৰ্মা প্ৰমুখ্যে কেবা গৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷