নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ভাদৈত ২২০০ লিটাৰ চোৰাং কণ্ডেনচেট তেলসহ ১০ খন বিলাসী বাহন জব্দ

নিয়মীয়া বাৰ্তা, ১ আগষ্ট: ৰাজ‍্যত দ্ৰুতগতিত সংক্ৰমণ ঘটা ক’ভিড মহামাৰী আৰু লকডাউন-কাৰ্ফিউ ব‍্যৱস্হা অব‍্যাহত মাজতে ৰহস্যজনকভাৱে এটা বৃহৎ তেল চোৰ চক্ৰই ভিতৰি ব‍্যাপক হাৰত চলাই আহিছে অইলৰ কণ্ডেনচেট তেলৰ চোৰাং বেহা ।ৰমৰমীয়াকৈ চলাই অহা চোৰাং বেহাৰ ওপৰত ডিব্ৰুগড় আৰক্ষীয়ে হঠাৎ অভিযান চলাই জব্দ কৰিলে ২২০০ লিটাৰ চোৰাং কণ্ডেনচেটসহ ১০ খনকৈ বিলাসী বাহনৰ লগতে ৫ বস্তা পাউডাৰযুক্ত দ্ৰব্য।এক নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা আৰু নামৰূপৰ উপ আৰক্ষী অধীক্ষক কুলপ্ৰদীপ ভট্ৰাচাৰ্যৰ নেতৃত্বত আৰু দুলীয়াজান–ভাদৈ আৰক্ষীৰ সহযোগত চোৰাং বেহাৰ বিৰুদ্ধে এই সফল অভিযান চলোৱা হয় ।প্ৰাপ্ত খৱৰ অনুসৰি ভাদৈ অঞ্চলৰ নগাজানৰ ভিতৰুৱা গাঁওৰ নীলমণি গগৈ, জিন্টু গগৈ আৰু শান্তনু বৰগোঁহাইৰ বাসগৃহৰ পৰা কেইবাটাও ড্ৰামভৰ্ত্তি উক্ত চোৰাং কণ্ডেনচেটখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী দলটোৱে ।আনহাতে চোৰাং বেহাত ব‍্যৱহৃত এ এচ ২৩ এম ৯৫১৭ নম্বৰযুক্ত ইভালিয়া বাহন, এ এচ ০৬ এক্স ১৭২৭ নম্বৰৰ টাটা নেক্সন, এ এচ ০৬ ৱাই ৭২৩৩ নম্বৰৰ মাৰুতি ইক’, এ এচ ০৬ কে ১৭২০ নম্বৰৰ মাৰুতি অল্ট’, এ আৰ /১২/ ৩২৭৫ নম্বৰৰ টাটা চুম’, এ এচ ২৩ ই ৩১৭৯ নম্বৰৰ মাৰুতি ভান, এ এচ ০৬ জেড ৮২৮৪ নম্বৰৰ মাৰুতি এল্ট’, এ এচ ০৬ বিচি ০৯৬১ নম্বৰৰ টাটা মেজিক , এ এচ ২৩ ডব্লিউ ৭৫৫৯ নম্বৰৰ ইন’ভা আৰু এ এচ ০৬ এক্স ৭৭৯৯ নম্বৰৰ ভানসহ মুঠ ১০ খন বাহন স্হানৰ পৰা জব্দ কৰা হয় ।ইতিমধ্যে ঘটনাৰ সংক্ৰান্তত দুলীয়াজান আৰক্ষী থানাত ৩২৫/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি সম্প্ৰতি তদন্ত অব‍্যাহত ৰাখিছে আৰক্ষীয়ে ।

You might also like