ঢালিগাঁৱত তেলচোৰ চক্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ অভিযান
নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ চিৰাং আৰক্ষীয়ে আজি পুৱা তেলচোৰ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ইন্ধনভৰ্তি ড্ৰাম,বাহন আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, আজি পুৱা প্ৰায় ৮ বজাত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা ঢালিগাঁও থানাৰ আৰক্ষীৰ সহযোগত পশ্চিম বিলাসপুৰত অবৈধভাৱে পেট্ৰ’লজাত সামগ্ৰী মজুত কৰা এটা ঘাটিত অতৰ্কিতে অভিযান চলায়।
এই অভিযানত ১৫ ড্ৰাম ইন্ধন, এ এছ ২৬ চি/৭১৭৬ নম্বৰৰ টাটা ডি আই এখন, এ এছ ১৯ বি/৪৫৫৮ নম্বৰৰ মাৰুতি এল্ট’ এখন, এ এছ ১৯এইচ/২৭১৬ নম্বৰৰ বাজাজ পালচাৰ এখন, বহু পৰিমাণৰ ইন্ধন ভেজালকৰণত ব্যৱহৃত পাউদাৰ জাতীয় পদাৰ্থ, ৫৬ বটল স্পিৰিট আৰু চোৰাং তেল মজুত কৰি ৰাখিবলৈ ব্যৱহৃত বহু সংখ্যক সৰু-ডাঙৰ লো আৰু প্লাষ্টিকৰ ড্ৰাম,পাইপ আদি জব্দ কৰে।
চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে আজিৰ এই অভিযান পশ্চিম বিলাসপুৰৰ বাসিন্দা তথা প্ৰয়াত ছিদ্দিক আলীৰ পুত্ৰ মতলেব আলীৰ ঘৰত চলোৱা হৈছিল বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়াৰ লগতে আৰক্ষীৰ অভিযানৰ পূৰ্বে মতলেব আলী পলায়ন কৰিবলৈ সক্ষম হয় বুলি জনাইছে।
উল্লেখ্য যে চিৰাং আৰু বঙাইগাঁও জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পথৰ দাঁতিত তেলচোৰ চক্ৰই সময়ে সময়ে বিভিন্ন স্থানত ট্ৰাক টেংকাৰৰ পৰা তেল চুৰি কাৰ্য সংঘটিত কৰিবলৈ গোপন ঘাটি স্থাপন কৰাটো সৰ্বজন জ্ঞাত। সম্প্ৰতি তেলচোৰ চক্ৰই চোৰাং তেল সৰবৰাহ তথা মজুত আৰু ভেজালকৰণৰ বাবে নিৰাপদ স্থান হিচাপে বাছি লোৱাৰ কথা আজি আৰক্ষীৰ অভিযানৰ পাছত পোহৰলৈ অহাত বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে।