নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিলঙত কৰ্মৰত মৰিগাঁৱৰ CRPF জোৱানৰ ৰহস্যজনক আত্মহত্যা

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ মেঘালয়ৰ শ্বিলঙত কৰ্মৰত মৰিগাঁও সাপমাৰী গাঁৱৰ এজন CRPF জোৱানে কৰ্মৰত অৱস্থাতে ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, মৰিগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দন্দুৱাৰ সমীপৰ সাপমাৰী গাঁৱৰ প্ৰয়াত তাহিৰাম বৰা আৰু প্ৰয়াত মাকণী বৰাৰ পুত্ৰ মুনিন্দ বৰাই মেঘালয়ৰ শ্বিলঙত CRPFৰ এজন জোৱান হিচাপে কৰ্মৰত আছিল ৷

পত্নী আৰু দুটি সন্তানৰ সৈতে এখন সুন্দৰ সংসাৰ পৰিচালনা কৰি যোৱা জোৱানজনে যোৱা ১১ নৱেম্বৰত কৰ্মৰত অৱস্থাতে নিজৰ হাতত থকা বন্দুকেৰে ৰহস্যজনকভাৱে আত্মহত্যা কৰাৰ খবৰে সকলোকে আচম্বিত কৰি তোলে ৷ আনহাতে মুনিন্দ বৰা নামৰ জোৱানজনে কিয় আত্মহত্যা কৰিলে সেয়াও ৰহস্য আৱৰ্তত ৷ আজি জোৱানজনৰ নিজ গৃহভূমি সাপমাৰীত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ৷

You might also like