নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

OILৰ ঠিকাভিত্তিক ৰিগৰ কৰ্মচাৰীৰ ভৱিষ্যত নিৰাপত্তা সুৰক্ষাৰ দাবীত ধৰ্ণা

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ অইল ইণ্ডিয়া লিমিটেডত নিবিদাযোগে অনুমোদন লাভ কৰা Charter HIRE & MMC (drilling and workover) ৰিগত কৰ্মৰত কৰ্মচাৰী সকলৰ ভবিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আজি শ্ৰমিক সংগঠন অইল ড্ৰিলিং এণ্ড প্ৰডাকচন ৱৰ্কাচ ইউনিয়নে অইল ইণ্ডিয়াৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে যোৱা ২১ ডিচেম্বৰত দিন-দুপৰতে অৰুণাচলৰ চাংলাং জিলাৰ ডায়ূনৰ পৰা অইলৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানত কৰ্মৰত দুজন বিষয়া অপহৃত হৈছিল । অৰুণাচলৰ ডায়ূনৰ খুমচাই খা অঞ্চলত কুইপ’ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে চলাই অহা তৈল খনন কাৰ্যত ৰিগ বিষয়া হিচাপে নিয়োজিত হৈ আছিল অপহৃতদ্বয় । আজি পাঁচদিনে অপহৃতদ্বয় প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত শ্ৰমিকসকলৰ সুৰক্ষাৰ ওপৰত ভাবুকি আহি পৰিছে বুলি উল্লেখ কৰিছে প্ৰতিবাদী শ্ৰমিক স‌ংগঠনে। ইফালে ঠিকাভিত্তিক কৰ্মচাৰী সকলে ন্যাৰ্যপ্ৰাপ্তি আৰু কৰ্মক্ষেত্ৰত সুৰক্ষা জনিত সামগ্ৰী লাভ নকৰা অৰ্থাৎ বঞ্চনাৰ ক্ষোভ উজাৰি সামগ্ৰীক ঘটনাৰ সন্দৰ্ভত অইল মুখ্য আৱাসিক বিষয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰি শ্ৰমিক সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে সামৰণি মাৰে । আনহাতে শ্ৰমিকৰ নিৰাপত্তাৰ খাতিৰত অহা ৩০ ডিচেম্বৰৰ ভিতৰত অইলৰ বিভাগীয় বিষয়াসকলৰ সৈতে এখনি আলোচনা অনুষ্ঠিত দাবী তোলে অন্যথাই পুনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকিয়নি দিয়ে ।

You might also like