শদিয়াত পিষ্টলসহ এজনক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ অসম–অৰুণাচলৰ সীমান্তৱর্তী অঞ্চল পদুমপুখুৰী দাস গাঁৱৰ পৰা দেওবাৰে পুৱতিনিশা শদিয়া সদৰ আৰক্ষীয়ে অবৈধ পিষ্টলসহ এজন লোকক গ্রেপ্তাৰ কৰাৰ কথা জানিব পৰা গৈছে৷
প্রাপ্ত তথ্য মতে শদিয়াৰ পদুমপুখুৰী দাস গাঁৱৰ বংশী বুঢ়াগোহঁাই নামৰ এজন যুৱকক এটা জার্মানীত নির্মিত ৯ এম এম পিষ্টল আৰু ১০জাঁই সক্রিয় গুলীসহ গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ খবৰ অনুসৰি ধৃৃত যুৱকজনে দীর্ঘদিন ধৰি উক্ত সীমান্তৱর্তী অঞ্চলটোৰ বিভিন্ন ব্যৱসায়ীৰ লগতে শদিয়াৰ বিভিন্ন অঞ্চলৰ লোকক বিভিন্ন ভয়–ভাবুকিৰে ধন দাবী কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে৷
গোপন সূত্রৰ খবৰৰ ভিত্তিত শদিয়া আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ধৃত যুৱকজনৰ বিৰুদ্ধে শদিয়া সদৰ আৰক্ষী থানাত ইতিমধ্যে ১০০এ/২০ নম্বৰত এক গোচৰ ৰুজু হৈছে বুলি আৰক্ষী সূূূত্রই প্রকাশ কৰিছে৷ আটকাধীন ধৃত যুৱকজনক পূর্বতেও আৰক্ষীয়ে অস্ত্রসহ গ্রেপ্তাৰ কৰি জেললৈ প্রেৰণ কৰিছিল৷