নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান বকুলনিত বাঢ়নী পানীত উটিল এজন

নিয়মীয়া বাৰ্তা, ২৫ জুন : ধাৰাসাৰ বৰষুণৰ ফলত দুলীয়াজান চহৰৰ লগতে কেইবাটাও উপকন্ঠ অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীত হাহাকাৰ অৱস্হাৰ সৃষ্টি হৈছে ৰাইজৰ । ইয়াৰ পৰা ৰক্ষা পাবলৈ নিৰাপদ স্হানলৈ যাওঁতেই সংঘটিত হৈছে এক অঘটন ।

আজি পুৱাভাগত বকুলনি পঞ্চায়তৰ অন্তগৰ্ত মহাবীৰ বাৰী চাহ বাগিছাৰ সঞ্জয় গোৱালা নামৰ লোকজনে কৃত্ৰিম বানপানীৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰৰ পৰা ওলাই যাওঁতেই বাঢ়নী পানীৰ কোবাল সোঁতে নিমিষতে উটুৱাই লৈ যায় ।

এই ঘটনাত ডিব্ৰুগড় এচ ডি আৰ এফে আজি সন্ধিয়ালৈ কাষৰীয়া ৰঙাজান নদীত অভিযান চলাই যদিও বৰ্তমান সময়ৰলৈকে শুংসূত্ৰ নাই লোকজনৰ ।

You might also like