নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এক

বিশেষ বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। চহৰখনৰ বকপাৰা খনিকৰ বাইপাছত আজি পুৱাতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে দুজন আহত হয়। জানিব পৰা অনুসৰি এ এচ ০৪ বিচি ৯৫৯৭ নম্বৰৰ ব’লেৰ’ পিকআপ গাড়ীখন তিনিচুকীয়া অভিমুখী গৈ আছিল আৰু এএচ বিচি ০৬৬৭ নম্বৰৰ ডাম্পাৰখন শিৱসাগৰ অভিমুখী গৈ থকাত দুয়োখন গাড়ীৰ মাজত মুখামুখি প্ৰচণ্ড সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলত ব’লেৰো গাড়ীখনৰ হেণ্ডিমেনজন থিতাতে নিহত হয়। ব’লেৰো গাড়ীখনৰ ড্ৰাইভাৰ আৰু আৰোহীজনক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে স্থানীয় বকপৰা-খনিকৰৰ ৰাইজে। গুৰুতৰভাৱে আহত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ বকপৰা-খনিকৰ বাইপাছত সঘনাই দুৰ্ঘটনা হোৱা দেখা যায়। দুৰ্ঘটনাতো ইমানেই ভয়ানক আছিল যে সংঘৰ্ষৰ ফলত দুয়োখন গাড়ী চুচূৰ্মৈ হৈ যায়। আৰক্ষীয়ে সময়ে সময়ে গাড়ীসমূহৰ সকলো নথিপত্ৰ তন্নতণ্ণকৈ সকলো দিশৰ পৰা পৰীক্ষা কৰা দেখা যায় যদিও বিভিন্ন গাড়ী নথিপত্ৰবিহীনভাৱে আৰু নম্বৰপ্লেটৰ অবিহনে আৰক্ষীৰ নাকৰ তলৰে অবাধে চলাচল কৰা দেখা যায়, তাৰে এটা উদাহৰণ আজিৰ এই ডাম্পাৰখন। পৰিবহন এপত ডাম্পাৰখনৰ ফিটনেচ ২০২১ৰ অক্টোবৰলৈকে আৰু প্ৰদূষণৰ ম্যাদ আগষ্ট মাহলৈকেহে বাহাল আছিল।

প্ৰেৰক বিভাস দুৱৰা

You might also like