নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ সুখনাগুগত মডেল অংগনৱাড়ী কেন্দ্ৰৰ দ্বাৰ মুকলি

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ মৰিগাঁও জিলাৰ সুখনাগুগত আজি সমাজ কল্যাণ বিভাগৰ দ্বাৰা নিৰ্মিত ৪০৭ নং মডেল অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।

মৰিগাঁও জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি উপস্থিত থাকি বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে।

মৰিগাঁও জিলাৰ ভিতৰতে প্ৰথমবাৰৰ বাবে জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰা আৰু ভোৰবন্ধা সংহত প্ৰকল্প বিষয়া সন্তোছ কুটুমৰ তৎপৰতাত সুন্দৰ প্ৰাকৃতিক পৰিৱেশত নিৰ্মিত হোৱা আটকধুনীয়া অংগনৱাড়ী কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত শিশু আৰু মাতৃৰ পোষণ আহাৰ সম্পৰ্কত এক প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়।

উল্লেখ্য মৰিগাঁও জিলাৰ ভিতৰতে সৰ্বাংসুন্দৰ এই কেন্দ্ৰটিয়ে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

You might also like