নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপীড়িতৰ মাজত খাদ্য সামগ্ৰী, ফিল্টাৰ, খোৱা পানী বিতৰণ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ড নগাঁৱৰ

নিয়মীয়া বাৰ্তা, ২৯ জুন: বছৰটোৰ দ্বিতীয়টো বানে সমগ্ৰ ৰাজ্যবাসীৰ মাজলৈ বিপদ মাতি অনাৰ সমান্তৰালভাৱে নগাঁও জিলাতো দ্বিতীয়টো বানৰ যথেষ্ঠ প্ৰভাৱ পৰিলক্ষিত হৈছে। মধ্য অসমৰ নগাঁৱত কলং,কপিলী, নিশাৰী,হাৰিয়া নৈৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱাৰ ফলত নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ বিভিন্ন অঞ্চল বৰ্তমান বানৰ কৱলত পৰিছে ৷ নিতৌ ন-ন অঞ্চল বানৰ কৱলত পৰাৰ ফলত প্লাৱিত হোৱা অঞ্চল সমূহৰ জনসাধাৰণে বিনিদ্ৰ ৰজনী কটাইছে । সমষ্টিটোৰ
অন্তৰ্গত বৃহত্তৰ কপাহেৰা, বামুনবড়ী,ভকতগাঁও, ঘুমতিগাঁৱৰ লগতে সংহাৰী বানে বিধস্ত কৰিছে বহুলোকৰ ঘৰ দুৱাৰৰ লগতে পশুধনৰ ওপৰি খেতি পথাৰ সমূহ ৷
বানপীড়িত লোকসকলে বৰ্তমান বিভিন্ন ওখ অঞ্চলত, বিদ্যালয়,পুথিভঁৰাল আদিত আশ্ৰয় শিৱিৰ স্থাপন কৰিছে ৷ এই শিৱিৰ সমূহত বহু সহস্ৰাধিক লোকে বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি আছে । বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি থকা শিৱিৰ সমূহ পৰিদৰ্শন কৰিছে নগাঁও জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ডৰ অধ্যক্ষ আৰু সদস্য সকলে ৷

উল্লেখ্য যে,এইসকল বানাক্ৰান্ত ৰাইজৰ মাজত আজি নগাঁও জিলা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ডৰ তৰফৰ পৰা বানপীড়িত লোকসকলৰ মাজত বিশুদ্ধ খোৱা পানী-খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীৰ ফিল্টাৰ বিতৰণ কৰা হয় ৷ বানপীড়িৰ মাজত সামগ্ৰী বিতৰণৰ এই কাৰ্য্যসুচীত অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ড নগাঁৱৰ অধ্যক্ষ মনোৰঞ্জন নাথ,সদস্য লোকেন্দ্ৰ নাথৰ লগতে অন্যান্য সদস্য সকলৰ ওপৰি দলংঘাট মণ্ডল বিজেপিৰ সদস্য সকল উপস্থিত থাকে ৷ অনাগত দিনটো বানপীড়িতৰ মাজত অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ডৰ তৰফৰ পৰা এনেধৰণৰ সাহায্য বিতৰণৰ কাৰ্য্যসুচী অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ড নগাঁৱৰ অধ্যক্ষ মনোৰঞ্জন নাথে জানিব দিছে ৷

You might also like