নগালেণ্ডৰ অ’টিঙ বস্তিত সেনাৰ গুলীত নীৰিহ লোকে প্ৰাণ হেৰুৱা ঘটনাৰ এটা বছৰ
নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: আজিৰ দিনটোতে ভাৰতীয় সেনা বাহিনীৰ পেৰা ৰেজিমেন্টে টিৰু অঞ্চলৰ কয়লা খনীত কৰ্ম সম্পাদন কৰি এখন মিনি ট্ৰাকত নিজ গৃহ অৰ্থাৎ অ’টিং গাঁৱলৈ ঘোৰি আহি থাকোতে সেনাৰ নিৰ্বিচাৰ গুলী বৰ্ষণত তেৰ(১৩) জনকৈ সাধাৰণ নগা লোকৰ মৃত্যু হৈছিল৷ নিৰাপত্তা বাহিনীৰ গুলীত নিহত হোৱা লোক সকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদেশ্যে বিশেষ কাৰ্যসূচী গ্ৰহন কৰিছে মন,টূবেনচাং,কেফৰী,লংলেং,নকলাক আৰু চামাতৰ জিলা বাসীয়ে ৷ আজিৰ দিনটো কলা দিন হিচাপে পালন কৰে ইষ্টাৰ্ণ নগালেণ্ডৰ উল্লেখিত ৫ খন জিলাবাসীয়ে ৷ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, বেচৰকাৰী অনুষ্ঠান আৰু ইষ্টাৰ্ণ নগালেণ্ডৰ সকলো ৰাইজৰ ঘৰৰ সন্মুখত কলা পাতাকা আৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।
উক্ত ঘটনাত নিহত লোকসকলৰ সমাধি স্থলীত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাইছে পৰিয়ালৰ লগতে অ’টিং বাসীয়ে । আনহাতে সমগ্ৰ মন জিলাতে ৫ ডিচেম্বৰত দুঘণ্টাৰ বাবে বন্ধ থাকিব যানবাহনৰ চলাচল (চকা বন্ধ কাৰ্যসূচী) ৷ বিখ্যাত হৰ্ণবিল ফেষ্টিভেলো বৰ্জন কৰিব ইষ্টাৰ্ণ নগালেণ্ড এলেকাৰ বাসিন্দাই । Konyak Union, Konyak Students Union,Naga Students Federation,Eastern Nagaland Peoples Organisation (ENPO) কে প্ৰমুখ্যে বহু কেইটা নগা জনগোষ্ঠীয়,ছাত্ৰ আৰু সামাজিক সংগঠনে এই বন্ধৰ প্ৰতি ৰাইজক সহাঁৰি আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে নগালেণ্ডৰ ৰাজধানী কহিমাত অনুষ্ঠিত হৈ থকা বিখ্যাত হৰ্ণবিল মহোৎসৱতো ইষ্টাৰ্ণ নগালেণ্ডৰ পাঁচ জিলাৰ বাসীক বৰ্জন কৰিবলৈ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে। যাৰ ফলত এই হৰ্ণবিল মহোৎসৱতৰ এক বৃহৎ স্থলী যত কন্যাক আৰু এই পাছ জিলাৰ তৰফৰ পৰা বিভিন্ন প্ৰদৰ্শনী,গীত, নৃত্য তথা খাদ্যৰ বিপনীৰ বাবে সংৰক্ষিত খৰি থোৱা স্থান এতিয়া জনশূন্য হৈ ৰোৱা পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে এই ঘটনাৰ বাবে এখন উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰা হৈছিল আৰু ২১ জনীয়া তদন্ত সমিতিৰ চূড়ান্ত প্ৰতিবেদনত সেনা বাহিনীৰ পেৰা ৰেজিমেন্টেৰ এই ঘটনাৰ সৈতে জড়িত বিষয়া আৰু জোৱান সকলৰ দোষ থকা বহুকেইটা বিষয় উল্লেখ আছিল আনহাতে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ দ্বাৰা সেনাৰ Court Of Inquiryত এই বিসংগতি পূৰ্ন ইন্টাৰনেছনেলৰ খবৰৰ ভিত্তিত ঐই ভয়াবহ ভূল হোৱাৰ লগতে Counter Insurgency Operationত বহু বিসংগতি থকা কথা উল্লেখ কৰা হৈছিল বুলি বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ পাইছিল কিন্তু এই পৰ্যন্ত এই ঘটনাৰ সৈতে জড়িত সেনাৰ দোষী বিষয়া আৰু জোৱানে শাস্তি পোৱাৰ নাই বুলি জনা যায় কিয়নো এই সমগ্ৰ বিষয় এতিয়া আদালতৰ মজিয়াত বিচাৰধীন হৈ আছে। আনহাতে নগা লোকসকল তথা নিহতৰ পৰিয়ালৰ আজিও এটাই দাবী দোষীক আইনে প্ৰদান কৰক কঠোৰ শাস্তি। কিয়নো অ’টিং গাৱঁত আজিও দেখা যায় অকালতে জীৱন হেৰুৱাই নিঠৰুৱা হোৱা বহুজন বেদনা দায়ক আৰ্তনাদ,চকুৰে নিগৰিথকা চকুৰো আৰু এক বিশাল শূন্যটা।