ৰাইজে জব্দ কৰা অত্যধিক বোজা কঢ়িওৱা বালিৰ ট্ৰাক জব্দ কৰিবলৈ সাহস নহল বিষয়াৰ
নিয়মীয়া বার্তা, ১১ নৱেম্বৰ :- হোজাইত বন আৰু পৰিবহন বিভাগৰ পৃষ্ঠপোষকতাত চলিছে আছে কাৰ্বি আংলঙৰ পৰা অহা অবৈধ বালিৰ চিণ্ডিকেট৷ হোজাই বন বিভাগ আৰু পৰিবহন বিভাগৰ নেতৃত্বত এই ছিণ্ডেকেট চলাৰ অভিযোগ ৰাইজৰ৷ অত্যধিক বোজা কঢ়িওৱা বালিৰ ডাম্পাৰে বাট-পথৰ ব্যাপক ক্ষতিসাধন কৰাৰ পিছতো নিমাত হোজাই বন বিভাগৰ লগতে পৰিবহন বিভাগ৷দীৰ্ঘদিন বালিৰ ছিণ্ডেকেটৰ বিৰুদ্ধে ৰাইজে অভিযোগ দিয়াৰ পিছতো বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি হোজাইৰ জয়নগৰত ৰাইজে নিজে অত্যধিক বোজা কঢ়িওৱা তিনিখন বালিভৰ্তি ডাম্পাৰ জব্দ কৰি হোজাই বন বিভাগ আৰু পৰিবহন বিভাগক খৱৰ দিয়ে যদিও দুয়োটা বিভাগে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহয়৷ যাৰ বাবে ৰাইজ উত্তেজিত হৈ খৱৰ দিয়ে মোৰাঝাৰ আৰক্ষীক৷
ইফালে হোজাই পৰিবহন বিভাগৰ এনফৰ্চমেন্ট বিষয়া মখলিছুৰ ৰহমানক ৰাইজে খৱৰ দিয়াৰ পিছতে ৰহস্যজনকভাবে তিনিওখন ডাম্পাৰৰ চালকে ডাম্পাৰ এৰি পলায়ন কৰে৷ ৰাইজ উত্তেজিত হৈ পৰাত বহুসময়ৰ পিছত মখলিচুৰ ৰহমান আহি ঘটনাস্থলীত উপস্থিত হয় যদিও চালক নথকা বাবে ডাম্পাৰসমুহ জব্দ কৰিব নোৱাৰে বুলি কৈ কেমেৰাৰ সন্মুখতে পলায়ন কৰে৷উল্লেখ্য যে হোজাই পৰিবহন বিভাগ আৰু বন বিভাগে ডাম্পাৰ তিনিখন জব্দ নকৰাত এই বালি ছিণ্ডিকেটৰ লগত বিভাগৰ একাংশ বিষয়া জড়িত হৈ থকাৰ অভিযোগ কৰিছে ৰাইজে৷ আনহাতে ডাম্পাৰ কেইখন জব্দ কৰি বিপদত পৰিল ৰাইজ৷ অৱশেষত নিজে ২০ হাজাৰ টকা সংগ্ৰহ কৰি ডাম্পাৰ তিনিখন কেৰেং লগাই মোৰাঝাৰ থানালৈ প্ৰেৰণ কৰে৷এতিয়া প্ৰশ্ন হয় দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোজাই, ডবকাত চলি থকা এই বালিৰ ব্যৱসায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে ? নে বিভাগৰ একাংশ বৰমুৰীয়াৰ ছত্ৰচায়াত চলি থাকিব এই ব্যৱসায়৷