পবিতৰা অভয়াৰণ্যত তীব্ৰ খাদ্য সংকটত বন্যজীৱঃ স্থানীয় যুৱকে বনকৰ্মীৰে মিলি হাইলেণ্ডত যোগান ধৰিছে ঘাঁহ আৰু গছৰ পাত
নিয়মীয়া বাৰ্তা, ২৪ জুলাই : তৃতীয়টো প্ৰলয়ংকাৰী বানে গ্ৰাস কৰিছে এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যক। দীৰ্ঘদিন বানত ডুব গৈ থকা বাবে এতিয়া পবিতৰাৰ জীৱকূলৰ মাজত হাহাকাৰ পৰিস্থিতি। ৯০ শতাংশ এলেকা জলমগ্ন হোৱাৰ বাবে হাইলেণ্ডত গঁড়কে আদি কৰি অন্যান্য জীৱ-জন্তুয়ে আশ্ৰয় লৈছে।
ঘাঁহৰ অভাৱত একাংশ জীৱজন্তু অভয়াৰণ্যৰ পৰা ওলাই গৈছে। কেইবাটাও গঁড়-মহে আশ্ৰয় লৈছে কাষৰীয়া ৰজামায়ং গাঁৱৰ বিভিন্ন ঠাইত । একপ্ৰকাৰ পবিতৰাৰ জীৱকূলৰ এতিয়া নাজল-নাথল অৱস্থা। প্ৰথমটো বানতেই খাদ্যসংকটে দেখা দিয়া পবিতৰাত পুনৰ দুটাকৈ বানে ক্ৰমাগতভাৱে তাণ্ডৱ চলোৱাত সম্প্ৰতি প্ৰৱল খাদ্যসংকটৰ সন্মুখীন হৈছে বন্য জীৱ-জন্তুসমূহ। অভয়াৰণ্যখনৰ ৬ টাকৈ হাইলেণ্ডৰ চাৰিটাই বানত ডুবাৰ ফলত ঘাঁহৰ অভাৱ ঘটিছে। তীব্ৰ খাদ্যসংকটত ভুগা গঁড়, মহ আদি জন্তু সমূহক আজি বনৰক্ষীৰ লগতে পবিতৰা জীপছাফাৰী মালিক সন্থা আৰু মায়ঙৰ স্থানীয় সচেতন যুৱকে সমূহীয়াভাৱে লগ লাগি গছৰ ডাল-পাত কটাৰ লগতে কিছু ঘাঁহ ক্ৰয় কৰি নাৱেৰে গৈ হাইলেণ্ডত আশ্ৰয় লোৱা বন্যজীৱসমূহক খাদ্যৰ সুব্যৱস্থা কৰি দিয়ে।
দীৰ্ঘদিনে পবিতৰাৰ ঘাঁহনি অঞ্চল বানত ডুব গৈ থকাৰ ফলত গঁড়ৰ লগতে অন্যান্য জীৱ জন্তু খাদ্যৰ অভাৱত দুৰ্বল হোৱা পৰিলক্ষিত হৈছে। বনকৰ্মী আৰু স্থানীয় সংগঠনসমূহে যোগান ধৰা এই খাদ্যসমূহে কিছু হলেও সকাহ দিছে খাদ্য সংকটত ভুগা এই বন্যজীৱসমূহক। প্ৰতিবছৰে বানৰ সময়ত খাদ্যসংকট আৰু আশ্ৰয়স্থলৰ অভাৱত ভুগা জীৱ-জন্তুসমূহৰ ৰক্ষাৰ্থে আৰু কেইবাটাও হাইলেণ্ডৰ প্ৰয়োজন আছে বুলি স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে মত পোষণ কৰিছে। পবিতৰা অভয়াৰণ্যত অতি শীঘ্ৰেই চৰকাৰক আৰু কেইবাটাও হাইলেণ্ড নিৰ্মাণ কৰাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে।