নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰৰ পৰাই অর্থনৈতিক জাগৰণৰ যাত্রাৰম্ভ

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আগমনৰ পাছৰ পৰাই যেন সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ’ল দৰঙৰ ঐতিহ্যক্ষেত্র ধলপুৰৰ৷ কেৱল ঐতিহাসিক ক্ষেত্র হিচাপে ধলপুৰক প্রতিষ্ঠা কৰাই নহয়, অসমৰ আত্মনির্ভৰশীলতাৰ বিপ্লৱো আৰম্ভ হ’ব ধলপুৰৰ পৰাই৷ ইয়াৰ পৰাই আৰম্ভ হ’ব অসমৰ অর্থনীতিৰ জাগৰণৰ এক নতুন যাত্রা৷ সোমবাৰে ধলপুৰত ভৰি থৈ কেবিনেটে গঠন কৰি দিয়া পদ্ম হাজৰিকা নেতৃত্বাধীন সমিতিখনে বৃহত্তৰ চৰ অঞ্চলটোৰ ৭৭,০০০ বিঘা ভূমিত চৰকাৰে গ্রহণ কৰিব লগা আঁচনি সন্দর্ভত এনেদৰেই প্রকাশ কৰে ৰাইজৰ সন্মুখত৷

ধলপুৰৰ এই বৃহত্তৰ ভূমিত কেৱল খিলঞ্জীয়াৰহে অধিকাৰ থাকিব বুলি উল্লেখ কৰি ৭৭,০০০ বিঘা ভূমিত প্রণালীবদ্ধ আৰু বৃত্তিগতভাৱে কৃষি অর্থনৈতিক আঁচনি ৰূপায়ণ কৰি নিবনুৱাসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলিও প্রকাশ কৰে৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৭ জুনত ধলপুৰত উপস্থিত হৈ মন্দিৰ দর্শন কৰাৰ লগতে বেদখলকাৰীৰ কবলত থকা ৭৭,০০০ বিঘা ভূমিত চৰকাৰীভাৱে কৃষি আঁচনি ৰূপায়ণ কৰা হ’ব বুলি উল্লেখ কৰিছিল৷ আনহাতে, এই বিষয়টো আগবঢ়াই নিবৰ বাবেই পিছদিনাই কেবিনেট বৈঠকত বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে আৰু ক্রমে সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় ড০ পৰমানন্দ ৰাজবংশী আৰু মৃণাল শইকীয়াক সদস্য হিচাপে আৰু কৃষি বিভাগৰ সঞ্চালক বিনোদ ছেছানক সদস্য সচিব হিচাপে লৈ এখন উচ্চ পর্যায়ৰ সমিতি গঠন কৰি দিছিল৷

সমিতিখনে সোমবাৰে ধলপুৰত উপস্থিত হৈ সমগ্র ব্যৱস্থাৱলীৰ বুজ লয়৷ ধলপুৰ মন্দিৰ পৰিচালনা সমিতিৰ আদৰণী পর্বৰ পাছতে আলোচনাত মিলিত হয় সমিতিখন৷ সমিতিখনৰ অধ্যক্ষ পদ্ম হাজৰিকাই প্রকাশ কৰা মতে, মুখ্যমন্ত্রীৰ বক্তব্য অনুসৰিয়েই ধলপুৰক কর্মসংস্কৃতিৰ এক তীর্থ হিচাপে গঢ়ি তোলা হ’ব৷ এইক্ষেত্রত স্থানীয় যুৱক–যুৱতীৰ সদিচ্ছাৰ বিষয়টোও নির্ভৰ কৰিব৷ কৃষি অর্থনীতিৰ সকলো বিষয় সামৰি এই অর্থনৈতিক বিপ্লৱ ধলপুৰত সূচনা হ’ব বুলি আশা কৰে৷

আনহাতে, বনানিকৰণৰ ক্ষেত্রত ভাৰতীয় সেনাৰ জৰিয়তেও আঁচনি ৰূপায়ণৰ ব্যৱস্থা লোৱা হ’ব বুলিও প্রকাশ কৰে৷ বিধায়ক মৃণাল শইকীয়াই বেদখলকাৰীসকলক সকীয়নি দি এতিয়াৰ পৰা এই ভূমিত বেদখলকাৰীৰ দপদপনি সহ্য কৰা নহ’ব বুলি কয়৷ উল্লেখ্য যে স্থলপথেৰে গৰুখুঁটিত উপস্থিত হৈ দলটো পাছত জলপথৰে গৈ উপস্থিত হয় ধলপুৰৰ ঐতিহাসিক শিৱ মন্দিৰত৷

You might also like