নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত জিকি দেখুৱাওক ৰিপুণ বৰাই: পল্লৱলোচন দাস

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  বিজেপিৰ জাগীৰোড বিধানসভা সমষ্টিৰ উদ্যোগত জাগীৰোড ক্রীডা সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় এক বিশাল যোগদান সমাৰোহ৷ এই সমাৰোহত জাগীৰোডৰ বিধায়ক তথা মন্ত্রী পীয়ূষ হাজৰিকা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্রবীণ মেধিকে আদি কৰি দলটোৰ বহু নেতা–কর্মী উপস্থিত থাকে৷ অনুষ্ঠানত জাগীৰোড সমষ্টিৰ    বিভিন্ন পঞ্চায়তৰ কংগ্রেছ, অগপ আৰু আন দলৰ প্রায় ১৮শ নেতা–কর্মীয়ে বিজেপিত যোগদান কৰে৷

অনুষ্ঠানত তেজপুৰৰ সাংসদ দাসে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰতবর্ষই বিশ্বত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে৷ লগতে তেওঁ দেশ তথা ৰাজ্যত বিজেপি চৰকাৰে কৰি দেখুওৱা উন্নয়নমূলক কামসমূহৰো খতিয়ান দাঙি ধৰে৷ সাংবাদিকৰ আগত সাংসদ দাসে তেজপুৰৰ প্রাক্তন সাংসদ তথা ন–কংগ্রেছ নেতা ৰাম প্রসাদ শর্মাৰ কটা কাণ সংগ্রহালয়ত সংৰক্ষণ কৰা হ’ব বুলি মন্তব্য কৰে৷ তেওঁ কয় যে দর্শনার্থীৰ বাবে সংৰক্ষণ কৰা হ’ব আৰ পি শর্মাৰ কটা কাণ৷

উল্লেখ্য যে আগন্তুক বিধানসভা নির্বাচনত কংগ্রেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে ন–কংগ্রেছী ৰাম প্রসাদ শর্মাই নিজৰ কাণ কাটি দিব বুলি কৰা মন্তব্য সন্দর্ভত সাংসদ দাসে এইদৰে তেওঁক কটাক্ষ কৰে৷ সাংসদ দাসে ৰিপুণ বৰাকো কটাক্ষ কৰি কয় যে প্রথমে নিজৰ সমষ্টি গহপুৰত নির্বাচন খেলি জিকি লওক ৰিপুণ বৰাই, তাৰ পিছত ভাবক মুখ্যমন্ত্রী হোৱাৰ কথা৷ আনহাতে, বদৰুদ্দিন আজমলৰ সহায় লৈ সাংসদ হোৱা বুলি অজিত ভূঞাক কটাক্ষ কৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷ মন্ত্রী হাজৰিকাই কয় যে অজিত কুমাৰ ভূঞা অবিবাহিত ব্যক্তি, সেয়ে অসমৰ ভৱিষ্যৎ প্রজন্মৰ বাবে চিন্তা কৰিবলগীয়া তেওঁৰ একো নাই৷

You might also like