ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বিতৰ্কৰ আৱৰ্তত নগাঁৱৰ জি ডি নাৰ্ছিং হোম
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ আজি এজন ৰোগীৰ মৃত্যুক লৈ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ’ম জি ডি নাৰ্ছিং হোমত সৃষ্টি হল এক হুলস্থুলীয়া পৰিৱেশৰ । কাৰ্বি আংলং জিলাৰ পাৰখোৱাৰ দিগন্ত গগৈক মেলিনা হোৱাৰ বাবে ভৰ্তি কৰিছিল নগাঁওস্থিত জি ডি নাৰ্ছিং হোমত।
কিন্তু সাধাৰণ মেলিনা ৰোগত মৃত্যু হোৱাৰ বাবে দিগন্ত গগৈৰ আত্মীয়ই জগৰীয়া কৰে নাৰ্ছিং হোমখনৰ চিকিৎসক কৰণ কুমাৰ দলেক । চিকিৎসকগৰাকীৰ ভুল চিকিৎসাৰ বাবেই মৃত্যু হয় বুলি অভিযোগ কৰে মৃতকৰ আত্মীয়ই । আনহাতে ৰোগীজনৰ মৃত্যুৰ পিছতো মৃতদেহৰ ওপৰত চিকিৎসা চলাই আছে বুলি গুৰুতৰ অভিযোগ কৰে ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমখনৰ বিৰুদ্ধে । মৃতদেহক লৈও ব্যৱসায় কৰে বুলি মৃত দিগন্ত গগৈৰ পৰিয়ালে অভিযোগ কৰে ।
৩৮ বছৰীয়া দিগন্ত গগৈৰ সাধাৰণ মেলিনা ৰোগত কেনেকৈ মৃত্যু হল বুলি প্ৰশ্ন উত্থাপন কৰিছে মৃত ব্যক্তিজনৰ ভাতৃয়ে । ইফালে নাৰ্ছিং হোমখনত নগাঁও আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
প্ৰেৰক কনক হাজৰিকা