পাটাছাৰকুছি সমষ্টিৰ উন্নয়নৰ স্বার্থত ৰঞ্জিত কুমাৰ দাসক ভোট দিয়াৰ আহ্বান
টিহুত মিত্রজোঁটৰ নির্বাচনী কার্যালয় মুকলি
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ ‘বিজেপি দলে ক্ষমতা লাভৰ বাবে ৰাজনীতি নকৰে৷ এই দলে উন্নয়নতহে গুৰুত্ব দিয়ে৷ ভাৰতীয় যুৱ মর্চাৰ ৰাজ্যিক সভাপতি অনুপ বর্মনে আজি টিহুত এইদৰে কয়৷ আজি টিহু নগৰত মিত্রজোঁটৰ এটি নির্বাচনী কার্যালয় মুকলি কৰি পাটাছাৰকুছি সমষ্টিৰ বিজেপিৰ প্রভাৰী বর্মনে আক্ষেপেৰে কয় যে ভাৰতবর্ষৰ স্বাধীনতাৰ পিছৰে পৰাই পাটাছাকুছি সমষ্টি উন্নয়নৰ দিশত পিছপৰি আছে৷ এইক্ষেত্রত তেওঁ পূর্বৰ জনপ্রতিনিধিসকলক্ সমালোচনা কৰে৷ বিশেষকৈ পূর্বৰ বিধায়ক পবিন্দ্র ডেকাক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ভাষণ প্রসংগত তেওঁ মিত্রজোঁট চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে৷ প্রবীণ বিজেপি নেতা খগেন দাসে কার্যালয় উদ্ধোধন কৰি টিহুত বিজেপি প্রতিষ্ঠাৰ ইতিহাস দাঙি ধৰে৷
অগপ নেতা লোহিত কলিতাই আঁত ধৰা সভাখনত বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰীয়ে সমষ্টি উন্নয়নৰ স্বার্থত ৰঞ্জিত কুমাৰ দাসক ভোট দি ’৮৫ৰ নির্বাচনৰ অভিলেখ ভংগৰ বাবে সকলোকে আহ্বান জনায়৷ বিজেপিৰ ৰাজ্যিক উপ–সভাপতি স্বপ্ণনীল বৰুৱা, টিহু মণ্ডল বিজেপিৰ সভাপতি জ্যোতিষ শর্মা, অভিনেতা ভগৱৎ প্রীতম, ইউপিপিএলৰ মহেন্দ্র বডো আদিয়ে ভাষণ দিয়া সভাত অভিনেত্রী প্রাঞ্জনা দত্তই জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থ আৰু আহি থকা নতুন প্রজন্মৰ বাবে ভোটাৰক বিবেকেৰে ভোট দিবলৈ আহ্বান জনায়৷
সভাত অগপৰ মুখপাত্র ধর্মেশ্বৰ ৰয়ে প্রাক্তন বিধায়ক পবিন্দ্র ডেকাক এগৰাকী ‘দল বাগৰা ৰাজনীতিক’ আখ্যা দি ডেকাৰ বাবেই পাটাছাৰকুছি সমষ্টি উন্নয়নৰ দিশত বহুদূৰ পিছুৱাই যোৱা বুলি তীব্র সমালোচনা কৰে৷ ভালেসংখ্যক বিজেপি–গপৰ নেতা–কর্মী–সমর্থক উপস্থিত থকা সভাত অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক ক্রমে নাৰায়ণ চন্দ্র কলিতা, গোপাল কলিতা, যোগেন ডেকা, দীনেশ দাস, সাংস্কৃতিক কর্মী কুমুদ ভট্ট, জ্যেষ্ঠ নাগৰিক মদন শর্মা, দয়া বর্মন, কন্দর্প শর্মা আদিক মিত্রজোঁটৰ ফালৰ পৰা বিশেষ সম্বর্ধনা জনোৱা হয়৷ সভাত টিহু নগৰ সমিতিৰ প্রাক্তন সভাপতি প্রফুল্ল কলিতা, অগপ নেতা হৰেকৃষ্ণ মেধি, চৰণ লহকৰ, টিহু মণ্ডল বিজেপিৰ সম্পাদক দীপাংকৰ দত্ত, জয়প্রকাশ বৈশ্য, বিজেপি নেত্রী কল্পনা ঠাকুৰীয়া, স্থানীয় প্রবীণ বিজেপি নেতা মোহন চন্দ্র কলিতা উপস্থিত থাকে৷