নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালা শিক্ষাপীঠৰ অন্তৰংগ আলাপত অংশগ্ৰহণ নন্দিনী কাশ্যপৰ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ‘কষ্ট সহিষ্ণুতা, ধৈৰ্য, আগ্ৰহে মানুহক জীৱনৰ লক্ষ্যত উপনীত কৰায়৷’– এই মন্তব্য নৱ-প্ৰজন্মৰ এগৰাকী সম্ভাৱনাপূৰ্ণ প্ৰতিভাবান অভিনেত্ৰী নন্দিনী কাশ্যপৰ৷ পাঠশালা শিক্ষাপীঠ আদৰ্শ উচ্ছ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত এক অন্তৰঙ্গ আলাপত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কাশ্যপে কয় যে শিল্পী গৰাকীয়ে বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত জীৱনত একো নহ’ব বুলি কোৱা শিক্ষকগৰাকীয়ে তেওঁক বিদ্যালয়ৰ এক অনুষ্ঠানত গামোছা পিন্ধাইছিল৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰা বিভিন্ন প্ৰশ্নৰ বুদ্ধিদীপ্ত উত্তৰ দি অভিনেত্ৰী গৰাকীয়ে অভিনয় জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি সুদক্ষ অভিনেতা কৃষ্ণমণি নাথে বিভিন্ন নাটকৰ বচন আওৰাই ছাত্ৰ-ছাত্ৰীসকলক মন্ত্ৰ মুগ্ধ কৰি ৰাখে৷ শিক্ষক নন্দ দুলাল চৌধুৰীৰ সহযোগত প্ৰবীৰ কুমাৰ দেৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ তৰফৰ পৰা অভিনেতা কৃষ্ণমণি নাথ আৰু অভিনেত্ৰী নন্দিনী কাশ্যপক ফুলাম গামোচা, শৰাই আৰু বিদ্যালয়ৰ মুখপত্ৰৰে সম্বদ্ধৰ্না জনোৱা হয়৷ এটি সমবেত সংগীতৰ পিছতে অন্তৰঙ্গ আলাপ অনুষ্ঠানটি আৰম্ভ হয়৷ পাঠশালা শিক্ষাপীঠৰ প্ৰতিষ্ঠাপক সভাপতি মনোমোহন শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত অন্তৰঙ্গ আলাপত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কেবাটিও গীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like