নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি-শুৱালকুছি-নগাঁৱত নতুন পেন্সন নীতিৰ বিৰোধিতাৰে প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ চৰকাৰে প্ৰৱৰ্তন কৰিব বিচৰা নতুন পেন্সন নীতিৰ তীব্ৰ বিৰোধিতা কৰি আজি মৰিয়নিৰ লগতে নকছাৰীৰ বিভিন্ন চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এক ভাৰতত এক পেন্সন নীতি প্ৰৱৰ্তন কৰাৰ দাবী জনোৱাৰ লগতে পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈও দাবী জনায় চৰকাৰী কৰ্মচাৰীসকলে । নতুন পেন্সন নীতিৰ বিৰোধ কৰি ১ ফেব্ৰুৱাৰীত ক’লা দিৱস পালন কৰে চৰকাৰী কৰ্মচাৰীসকলে । সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে আজি এই ক’লা দিৱস পালন কৰে । কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট আদিৰ লগতে ক’লা বেজো পৰিধান কৰি চৰকাৰৰ নীতিৰ তীব্ৰ প্ৰতিবাদ জনায় । নতুন পেন্সন নীতিৰ বিৰুদ্ধে আজি মৰিয়নিৰ নকছাৰী অঞ্চলৰ নকছাৰী মহাবিদ্যালয়, নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দনিকণা উচ্চ মাধ্যমিক বিদ্যালয়, হেমলাই উচ্চ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়, দেবেৰাপাৰ প্ৰাথমিক বিদ্যালয়, দিছৈ অজগৰ প্ৰাথমিক বিদ্যালয়, নকছাৰী গাঁও পঞ্চায়ত সমবায় সমিতি, দনিকণা উপ-স্বাস্থ্য কেন্দ্ৰ আদিৰ শিক্ষক কৰ্মচাৰী, স্বাস্থ্যকৰ্মী আদিয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰ নতুন পেন্সন নীতিৰ বিৰোধিতা কৰে । মৰিয়নিৰো একাধিক স্থানত নতুন পেন্সন নীতিৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাতৰি পোৱা গৈছে ।

পুৰণি পেন্সন বাহালৰ দাবীত বৃহত্তৰ শুৱালকুছিতো কৰ্মবিৰতি

নিয়মীয়া বাৰ্তা, 1 ফেব্ৰুৱাৰীঃ এন পি এছবিৰোধী ৰাষ্ট্ৰীয় সংস্থাই আহ্বান জনোৱা ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস উপলক্ষে আজি কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ড এলেকাৰ চৰকাৰী শিক্ষক কৰ্মচাৰী সকলেও আজি কলা বেজ পৰিধান কৰি এঘণ্টা সময় কৰ্মবিৰতি পালন কৰে ৷ এন পি এছ বিৰোধী ৰাষ্ট্ৰীয় সংস্থাৰ সমৰ্থনত সদৌ অসম এন পি এছ কৰ্মচাৰী সংস্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাবে শুৱালকুছি বালক মজলীয়া বিদ্যালয় শুৱালকুছি উন্নয়ন খণ্ড , শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিছনাযুক্ত চিকিৎসালয় , বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় , বামুন্দী মহাবিদ্যালয় আদিৰ শিক্ষক , বিষয়া , কৰ্মচাৰী সকলে এঘণ্টা সময় কৰ্মবিৰতিৰ লগতে কলা বেজ পৰিধান কৰে ৷ তেওঁলোকে নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে জনপ্ৰতিনিধি তথা বিধায়ক , সাংসদ সকলে পাঁচ বছৰ প্ৰতিনিধিত্ব কৰি যদি পেঞ্চন লাভ কৰিব পাৰে ৷ ২০/৩০ বছৰে কাম কৰা চৰকাৰী কৰ্মচাৰী সকলে পেঞ্চন লাভ নকৰা কথা কিমান সমীচীন বুলিও প্ৰতিবাদী সকলে আক্ষেপ প্ৰকাশ কৰে ৷

নগাঁৱতো কৰ্ম বিৰতি পালন

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী , সমগ্র দেশৰ লগতে নগাঁও জিলাতো এন পি এছ কৰ্মচাৰী সকলে বিভিন্ন দাবীৰ সমৰ্থনত আজি নিজৰ নিজৰ কাৰ্যালয়ত এঘণ্টীয়া কৰ্ম বিৰতি পালন কৰে । পুৰণা পেঞ্চন নীতি বাহল ৰাখক , নতুন পেন্সন নীতি বাতিল কৰক , এক ৰাষ্ট্ৰ – এক পেন্সন আদি বিভিন্ন শ্লোগান দি এন পি এছ কৰ্মচাৰী সকলে কাৰ্যালয় সমূহ উত্তাল কৰি তোলে । সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয় , শিক্ষানুষ্ঠানত এন পি এছ কৰ্মচাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ পূৰণা পেন্সন নীতি বাহাল ৰখাৰ দাবীত এঘণ্টীয়া কৰ্ম বিৰতি পালন কৰে। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয় , নগাঁও সদৰ , কামপুৰ , কলিয়াবৰ , চামগুৰি , ৰূপহী , ধিং , ৰহা ৰাজহ চক্ৰৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয় , শিক্ষানুষ্ঠানত , কৰ্মৰত এন পি এছ কৰ্মচাৰী সকলে এই কাৰ্যসূচী ৰূপায়ন কৰে । ইপিনে সদৌ অসম সন্মিলিত অ বি বি শিক্ষক সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰাৰ্থমিক শিক্ষানুষ্ঠানত কৰ্মৰত অ বি বি শিক্ষক সকলে আজি প্ৰতাৰণা দিৱস পালন কৰি অ বি বি শিক্ষক সকলক পুৰনি পেন্সন নীতিৰ আওতালৈ আনিবলৈ চৰকাৰক দাবী জনায় ।

You might also like