বিশাল সমদল উলিয়াই মনোনয়ন দিলে মন্ত্রী ফণীভূষণে
নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ ৰাজ্যখনত ৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম দিনা আজি মন্ত্রী ফণীভূষণ চৌধুৰীয়ে মনোনয়ন পত্র দাখিল কৰে৷ সমষ্টিটোৰ পৰা একেৰাহে সাতবাৰকৈ জয়ী হৈ অহা অগপ নেতা ফণীভূষণ চৌধুৰীয়ে শ শ কর্মী–সমর্থকক লগত লৈ বিশাল সমদল উলিয়ায়৷ বঙাইগাঁও বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা সমদল উলিয়াই উপায়ুক্ত কার্যালয়ত দাখিল কৰে মনোনয়ন পত্র৷ ইপিনে, সংবাদ মাধ্যমৰ আগত মন্ত্রী চৌধুৰীয়ে মনোনয়ন পত্র দাখিলৰ অন্তত কয় যে তেওঁ বিগত ৩৫টা বছৰ ধৰি বঙাইগাঁও সমষ্টিৰ পৰা বিজয়ী হৈ আহিলেও নিজকে কেতিয়াও জনপ্রতিনিধি বুলি ভবা নাই৷ সমষ্টিটোৰ এজন সাধাৰণ মানুহ হিচাপে ৰাইজক সেৱা আগবঢ়াই গৈছে৷ আনহাতে, এইবেলি নির্বাচনত ৫০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি ফণীভূষণ চৌধুৰীয়ে দাবী কৰে৷
ইপিনে, ‘খেলা হবে’ শ্লোগান প্রসংগত বিৰোধীৰ প্রত্যুত্তৰ দি তেওঁ কয় যে এইবাৰ বঙাইগাঁৱত কোনো খেলা নহয় ৷ কিয়নো ইয়াত তেওঁক প্রত্যাহ্বান জনাব পৰাকৈ কোনো প্রতিদ্বন্দ্বী নাথাকিব৷ ব্রাজিল আৰু আর্জেণ্টিনাৰ দৰে দলৰ মাজত খেল হ’লেহে তীব্র প্রতিদ্বন্দ্বিতা হ’ব৷ কিন্তু ব্রাজিল বনাম বঙাইগাঁও স্থানীয় দলৰ মাজত খেল হ’লে কোনো উত্তেজনা নাথাকিব৷ ব্রাজিল দলে স্থানীয় দলটোক মিনিটে মিনিটে গ’ল দিব৷ ইয়াৰ ফলত খেলখনৰ ফলাফলো ৰাইজে আগতেই ঘোষণা কৰিব পাৰে আৰু খেলখনক লৈ কোনো উৎকণ্ঠা নাথাকিব৷ বঙাইগাঁৱতো এইবাৰ নির্বাচনত একেকথাই হৈছে৷ বঙাইগাঁৱত নিকটতম দল হিচাপে কংগ্রেছ দলৰ পঞ্চাছ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত পৰাজয় নিশ্চিত৷ মনোনয়ন দাখিল পর্বত জিলা পৰিষদৰ সভাপতি বিজয় সিংহ, জিলা বিজেপিৰ সভানেত্রী হিমানী অধিকাৰীসহ নেতৃবর্গ উপস্থিত থাকে৷ বঙাইগাঁও বিধানসভা সমষ্টিত মনোনয়ন পত্র দাখিলৰ অন্তিম দিনটোলৈ নেচনেল পিপলছ পার্টীৰ প্রভাত বৈষ্ণৱ, ভাৰতীয় গণ পৰিষদৰ সুজিত কুমাৰ ৰায়, পলিটিকেল জাষ্টিচ পার্টীৰ শান্তনু মুখার্জী, নির্দলীয় কৈলাস দাস আৰু গৌতম দত্ত, অসম জাতীয় পৰিষদৰ দীপু চৌধুৰী, কংগ্রেছৰ শংকৰ প্রসাদ ৰায়, ভোটার্ছ ইণ্টাৰনেচনেল পার্টীৰ সমৰেন্দ্র বসুমতাৰীসহ ৯জনে মনোনয়ন পত্র দাখিল কৰে৷