দৰঙৰ ৩ গাঁৱত গাহৰি পালন–বিক্রী ৪৫ দিনলৈ নিষিদ্ধ
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ দৰঙৰ ঔতলাৰ অকলিবাৰী, বৰমপুৰ আৰু বাঁহজানী গাঁৱৰ ১ কিঃমিঃ সামৰি আজি ছোৱাইন ফিভাৰৰ বাবে কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ আগন্তুক ৪৫ দিনত উক্ত এলেকাসমূহত গাহৰিৰ মাংস বিক্রী, গাহৰি পালনৰ বাবে অন্য স্থানৰ পৰা সংগ্রহ বন্ধ কৰি দিয়া হৈছে৷ কালি ছোৱাইন ফিভাৰৰ বাবে অর্ধশতাধিক গাহৰি নিধন আৰু ২৫ এপ্রিলৰ পৰা ১৯৩টা গাহৰিৰ উক্ত ৰোগত মৃত্যুৰ পৰিপ্রেক্ষিতত এই সিদ্ধান্ত লৈছে জিলা প্রশাসনে৷
প্রশাসনৰ এই সিদ্ধান্ত সঠিক ৰূপে পালনৰ বাবে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ তৎপৰতাত আজি মঙলদৈ থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়াৰ নেতৃত্বত এটা দলে তিনিওখন গাঁৱত এক সজাগতা অভিযানো চলায়৷
লক্ষণীয় যে আজি সদৌ অসম গাহৰি পালক সন্থাৰ এটা দলে দৰং জিলা ভ্রমণ কৰি বিষয়টো সন্দর্ভত গাহৰি পালকসকলৰ লগত এক আলোচনাত মিলিত হয় আৰু দলটোৱে কেইবাটাও দাবী সম্বলিত স্মাৰক–পত্র উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক প্রদান কৰে৷ দেৱৰাজ স্বর্গীয়াৰী নেতৃত্বাধীন দলটোৱে ৭ টা দাবী উত্থাপন কৰি বহিঃৰাজ্যৰ পৰা গাহৰি আমদানি বন্ধ কৰাৰ লগতে আফ্রিকান ছোৱাইন ফিভাৰত ক্ষতিগ্রস্ত গাহৰি পালকসকলক তৎকালে ক্ষতিপূৰণ দিয়াৰ দাবী কৰিছে৷