নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালনৰ প্ৰশিক্ষণ সম্পন্ন 

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: লখিমপুৰ জিলা গাহৰি পালক সন্হাৰ উদ্যোগত আৰু ঢকুৱাখনা-ঘিলামৰা গাহৰি পালক সন্হাৰ সহযোগত আজি ঢকুৱাখনাৰ ঘিলামৰা কৃষ্টি ভৱনত বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালন আৰু গাহৰি পালক সকলে ল’বলগীয়া প্ৰয়োজনীয় সাৱধানতাৰ সম্পৰ্কত এখনি এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।

লখিমপুৰ জিলা গাহৰি পালক সন্হাৰ সভাপতি ৰবীন্দ্ৰ গগৈয়ে শুভ উদ্বোধন কৰা প্ৰশিক্ষণ শিবিৰত  ঢকুৱাখনা মহকুমাৰ শতাধিক গাহৰি পালকক তিনিটা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰে ঢকুৱাখনা মহকুমা পশু চিকিৎসা বিষয়া ডা° ৰূপম গগৈয়ে। উন্নত আৰু থলুৱা প্ৰজাতিৰ গাহৰি পালন, চিকিৎসা, খাদ্য, পৰিস্কাৰ- পৰিচ্চন্নতা আৰু সময়মতে ল’বলগীয়া যতনৰ সম্পৰ্কত  প্ৰশিক্ষণ প্ৰদান কৰি গ্ৰামাঞ্চলৰ গাহৰি পালক সকলক আৰ্থিকভাৱে টনকিয়াল কৰি গ্ৰাম্য অৰ্থনীতি সৱল কৰিবৰ বাবে গাহৰি পালক সন্হাই এনে ধৰনৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ঢকুৱাখনা-ঘিলামৰা ব্লকৰ গাহৰি পালক সন্হাৰ সভাপতি গিতাচ চেতিয়া, সম্পাদক কিছ্যুত গোঁহাইকে প্ৰমুখ্য কৰি সন্হাৰ বিষয়ববীয়া সকলে প্ৰশিক্ষণ শিবিৰত সহযোগিতা আগবঢ়ায়।

Input: উত্তম হাজৰিকা ঘিলামাৰা 

You might also like