নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীর্ঘম্যাদী আঁচনিৰে বান খহনীয়াৰ সমস্যা দূৰ কৰাৰ আশ্বাস

নিয়মীয়া বাৰ্তা, ৮ জুনঃ নেৰানেপেৰা বৰষুণৰ মাজতে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাহ আজি তেজপুৰ জাহাজঘাটৰ পৰা ব্রহ্মপুত্রৰ বুকুত নাও যাত্রা কৰি তেজপুৰ আৰু বৰছলা সমষ্টিৰ গৰাখহনীয়া পৰিদর্শন কৰে৷ উল্লেখ্য যে মন্ত্রী হাজৰিকাৰ এহ পৰিদর্শন কালত সংগ দিয়ে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, বৰছলাৰ বিধায়ক গণেশ লিম্বু, শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্র দাস, তেজপুৰ ৰাজহ চক্র বিষয়া সংঘমিত্রা বৰুৱা, ঠেলামৰা ৰাজহ চক্র বিষয়া শিল্পী শিখা ঠাকুৰীয়াসহ জলসম্পদ বিভাগৰ একাংশ অভিযন্তা বিষয়াহ৷

ব্রহ্মপুত্রৰ জলপথেৰে কৰা এহ যাত্রাকালত তেজপুৰৰ ডিপোটা নৈৰ সংযোগথলী ঝাৰণি, তিনখৰীয়া, গাভৰুনৈ সংযোগথলী, খেৰণি, তেলিয়াগাঁও গৰুডুবা, ভৰাশিঙৰী আদি অঞ্চলত ব্রহ্মপুত্রৰ খহনীয়া পৰিদর্শন কৰে মন্ত্রী হাজৰিকাহ৷ বৰছলা সমষ্টিৰ নৈপৰীয়া অঞ্চলবিশেষৰ অস্থায়ী সুৰক্ষাৰ বাবে অব্যাহত থকা কাম–কাজ পৰিদর্শন কৰি মন্ত্রীগৰাকীয়ে অঞ্চলসমূহৰ সর্বসাধাৰণ ৰাহজে যাতে এহ বাৰিষাকালত দুর্ভোগ ভুগিবলগীয়া নহয় তাৰ প্রতি লক্ষ্য ৰাখি বিভাগীয় বিষয়াসকলক কামবোৰ নিয়াৰিকৈ কৰাৰ নির্দেশ দিয়ে৷ উল্লেখ্য যে বৰছলা সমষ্টিত ব্রহ্মপুত্রৰ ভয়াৱহ গৰাখহনীয়াত হতিমধ্যে অসংখ্য লোকে ঘৰ–দুৱাৰ হেৰুওৱাই নহয়, বিঘাহ বিঘাহ কৃষি জাহ যোৱাত সর্বস্বান্ত হৈ পৰিছে৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে আজি বৰছলা সমষ্টিৰ গৰাখহনীয়া পৰিস্থিতিৰ বুজ লোৱা বুলি সাংবাদিকৰ আগত ডল্লেখ কৰি জলসম্পদ মন্ত্রী হাজৰিকাহ কয় যে চৰকাৰে বান আৰু খহনীয়া সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিছে৷ আগন্তুক সময়ত দীর্ঘম্যাদী প্রকল্পৰে বৰছলাৰ বান আৰু খহনীয়া সমস্যাৰ দূৰীকৰণ কৰা হ’ব৷ আনহাতে সোমবাৰে পুৱা মন্ত্রীগৰাকীয়ে তেজপুৰ আৱর্ত ভৱনত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ কর্তৃপক্ষৰ সৈতে সৌহার্দ্যপূর্ণ মত বিনিময় কৰে৷

ইতিমধ্যে ৰাজ্য চৰকাৰে বাণ থিয়েটাৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সাংস্কৃতিক সঞ্চালকালয়ৰ জৰিয়তে প্রদান কৰা ২ কোটি ২০ লাখ টকাৰ কাম–কাজৰ বুজ লৈ ঐতিহ্যমণ্ডিত অনুষ্ঠানটি জাকত জিলিকা কৰি তোলা হ’ব বুলি মন্তব্য কৰে৷ আনহাতে এই আলোচনাৰ কালতেই আন্তঃগাঁথনি ডন্নয়নৰ কামৰ ঠিকাদাৰগৰাকীক আমন্ত্রণ কৰি বাণ থিয়েটাৰ কর্তৃপক্ষৰ সন্মুখতে এই কামৰ ক্ষেত্রত কোনো ধৰণৰ যাতে খুঁত নাথাকে আৰু কেতিয়াও যাতে অভিযোগ শুনিব লগা নহয় ইয়াৰ বাবে সতর্ক কৰি দিয়ে৷ ইয়াৰ পিছতেই মন্ত্রীগৰাকীয়ে তেজপুৰৰ সংবাদকম্সকলৰ সন্মুখত বাণ থিয়েটাৰ অকল তেজপুৰৰে নহয়, সমগ্র অসমৰে সন্মানীয় অনুষ্ঠান বুলি কৈ এই অনুষ্ঠানটিক জাকত জিলিকা কৰি তোলা হ’ব বুলি কয়৷ 

You might also like